ৰাষ্ট্ৰীয়

সাৱধান! এটা ভিডিঅ' কল, তাৰ পাছতে হেৰুৱাব পাৰে লাখ লাখ টকা

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আজি কালি একাংশ দুষ্ট প্ৰকৃতিৰ লোকে বিভিন্ন মাধ্যমেৰে ধন ঘটা প্ৰতিযোগীতাত নামি পৰিছে। ধন ঘটিবৰ বাবে বিভিন্ন ধৰণৰ ছ'চিয়েল মিডিয়াও ব্যৱহাৰ কৰে একাংশই। এনে ধৰণে দুষ্ট প্ৰকৃতিৰ লোকৰ কবলত পৰি লাখ লাখ টকা হেৰুৱাব লগা হয় বহুতে।

এনে ধৰণৰ এক ঘটনা সংঘটিত হৈছে ৰাজধানী দিল্লীত। এগৰাকী ৪৪ বছৰ বয়সীয়া লোক বলি হয় চাইবাৰক্ৰাইমৰ। প্ৰথমে প্ৰৱঞ্চকসকলে অশ্লীল ভিডিঅ' কল কৰে আৰু কল ৰিচিভ কৰাৰ পাছত বিভিন্ন ধৰণৰ কাম কৰাৰ বাবে উৎসাহিত কৰে।

প্ৰৱঞ্চকসকলে ভিডিঅ' কল ৰেকৰ্ড কৰে আৰু পাছত সেয়া ছ'চিয়েল মিডিয়াত আপলড কৰাৰ বাবে ভাবুকি প্ৰদান কৰে। এই সন্দৰ্ভত আৰক্ষীয়ে সোমবাৰে জনায়।

শেহতীয়া পোহৰলৈ অহা ঘটনা অনুসৰি এজন পুৰোহিত ওচৰলৈ ভিডিঅ' কল আহিছিল। এজাহাৰত তেওঁ কয় যে, মোক এজনী নগ্ন ছোৱালীেয় ভিডিঅ' কল কৰিছিল। তাই মোক কাপোৰ খুলিবলৈ কৈছিল আৰু মইও খুলিছিলো। তাৰ কিছু সময় পাছত কলটো বিচ্ছিন্ন কৰি দিছিলো।

তাৰ পাছতে প্ৰৱঞ্চকে নগ্ন ভিডিঅ' প্ৰেৰণ কৰি ভুক্তভোগীক ধন দাবী কৰিছিল। তাৰ পাছতেই বহু বাৰ প্ৰৱঞ্চকক ধন দিছিল ভুক্তভোগীয়ে। ১ লাখতকৈ অধিক টকা সৰকাইছিল ভুক্তভোগীৰ পৰা। কিন্তু পাছত ধন দিব নোৱাৰি আৰক্ষীৰ সহায় লয় ভুক্তভোগীয়ে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।