ৰাষ্ট্ৰীয়

তিহাৰ জেলৰ ভিতৰতে ৩০০ পাৰ কৰিলে অৰবিন্দ কেজৰিৱালে !

Asomiya Pratidin

ডিজিটেল ডেস্কঃ দিল্লীৰ সুৰা নীতি কেলেংকাৰীৰ গোচৰত তিহাৰ জেলত আছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। কেজৰিৱালৰ এক আবেদন সন্দৰ্ভত সোমবাৰে আদালতে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰে।

কেজৰিৱালে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে চিকিৎসা পৰামৰ্শৰ বাবে দিল্লীৰ ৰাউজ এভিনিউ আদালতত এখন আবেদন দাখিল কৰিছিল। এই আবেদন  নাকচ কৰে আদালতে।

আৱেদনখনত  কেজৰিৱালে তিহাৰ কাৰাগাৰ কৰ্তৃপক্ষক তেওঁক ইনচুলিন প্ৰদান কৰাৰ নিৰ্দেশ দিবলৈ আৰু তেওঁৰ ডাইবেটিছ স্তৰ, ডায়েবেটিচ সম্পৰ্কে প্ৰতিদিনে ১৫ মিনিটৰ বাবে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে চিকিৎসকৰ সৈতে চিকিৎসা পৰামৰ্শ কৰাৰ অনুমতি বিচাৰিছিল। এই আবেদন খাৰিজ কৰে আদালতে।

অৱশ্যে আদালতে কেজৰিৱালৰ বাবে এখন মেডিকেল বোৰ্ড গঠন কৰিবলৈ নিৰ্দেশ দিয়ে। আদালতে নিৰ্দেশত কয় যে এইমছৰ সঞ্চালকে কেজৰিৱালৰ বাবে এখন চিকিৎসা পৰিষদ গঠন কৰিব। ইনচুলিন দিয়া হ'ব নে নাই সেই বিষয়ে সিদ্ধান্ত ল'ব। তেওঁৰ খাদ্যও চিকিৎসা পৰিষদৰ দ্বাৰা নিৰ্ণয় কৰা হ'ব। চিকিৎসা পৰিষদে কেজৰিৱালে কাৰাগাৰত কেনে ধৰণৰ ব্যায়াম কৰিব সেয়াও সিদ্ধান্ত ল'ব।

উল্লেখ্য যে, ১ এপ্ৰিলৰ পৰা তিহাৰ জেলত আছে অৰবিন্দ কেজৰিৱাল। ২৩ এপ্ৰিলত তেওঁৰ ন্যায়িক জিম্মা সন্দৰ্ভত পুনৰ আদালতত শুনানি হ'ব।

অৰবিন্দ কেজৰিলাৰ দুই প্ৰকাৰৰ ডাইবেটিছ আছে। আৰু তেওঁ ব্লাড চুগাৰ তল-ওপৰ হৈ থাকে। ইয়াৰ মাজতে আপ নেত্ৰী আতিশীয়ে অভিযোগ উত্থাপন কৰি কৈছে যে অৰবিন্দ কেজৰিৱালে তেওঁৰ ডাইবেটিজ স্তৰ বজাই ৰাখিবলৈ ৫৪ ইউনিট ইনচুলিন ল'ব লাগে। তেওঁ চুগাৰ লেভেল ৩০০ পাৰ কৰিছে। যাৰ বাবে কেজৰিৱালক জেলৰ ভিতৰতে ইনচুলিন দিয়াৰ দাবী জনাইছে আপৰ নেত্ৰীগৰাকীয়ে। ইয়াৰ মাজতে আবেদন খাৰিজ কৰে আদালতে।