এফ.এ. আহমেদ কলেজত উত্তপ্ত পৰিস্থিতঃ অধ্যাপকক উত্তম-মাধ্যম সোধালে ছাত্ৰ-ছাত্ৰীয়ে

এফ.এ. আহমেদ কলেজত উত্তপ্ত পৰিস্থিতঃ অধ্যাপকক উত্তম-মাধ্যম সোধালে ছাত্ৰ-ছাত্ৰীয়ে

ডিজিটেল ডেস্কঃ কামৰূপৰ গৰৈমাৰীৰ এফ.এ. আহমেদ কলেজত উত্তপ্ত পৰিস্থিত। মহাবিদ্যালয়ৰ শিক্ষাৰ্থী আৰু অধ্যাপকৰ মাজত সৃষ্টি হয় এনে পৰিস্থিতি ৷

মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ অধ্যাপক ড০ ছামিৰ আলীৰ সৈতে ছাত্ৰী এগৰাকীৰ অবৈধ সম্পৰ্কৰ অভিযোগ মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ ৷ যাক লৈ সোমবাৰে কলেজ চৌহদত একাংশ ছাত্ৰ-ছাত্ৰীয়ে অধ্যাপকগৰাকীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে।

 অভিযোগ অনুসৰি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে অধ্যাপক-ছাত্ৰীৰ অবৈধ সম্পৰ্কৰ ভিডিঅ'৷ ফলত মহাবিদ্যালযৰ শিক্ষাৰ্থীয়ে অধ্যাপক ছামিৰ আলীক উত্তম-মাধ্যম সোধাই পৰিস্থিতি উত্তপ্ত কৰি তোলে ৷ শিক্ষাৰ্থীসকলে বিভিন্ন শ্ল'গানো দিয়ে অধ্যাপকগৰাকীৰ বিৰুদ্ধে ।

 ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে  গৰৈমাৰী আৰক্ষী ৷ অদ্যাপি নিয়ন্ত্ৰণ হোৱা নাই পৰিস্থিতি৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

এফ.এ. আহমেদ কলেজত উত্তপ্ত পৰিস্থিতঃ অধ্যাপকক উত্তম-মাধ্যম সোধালে ছাত্ৰ-ছাত্ৰীয়ে
হাগ্ৰামাৰ শাসনত বিটিচিত ক'লা ধোঁৱা উৰিছিল, মুছলমানে প্ৰাণ হেৰুৱাইছিলঃ নেমছু

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in