ৰাষ্ট্ৰীয়

বিষাক্ত বায়ুঃ দিল্লীত বন্ধ নিৰ্মাণ কাৰ্য, ঘৰৰ বাহিৰত ওলাব নোৱাৰাৰ উপক্ৰম হৈ পৰিছে জনতা...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ক্ৰমাৎ অধিক বেয়া হৈ গৈ আছে দিল্লীৰ বায়ু। ৰাষ্ট্ৰীয় ৰাজধানীত বায়ু প্ৰদূষণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। বায়ু গুণমান সূচক (একিউআই) সম্পূৰ্ণৰূপে বেয়াৰফালে ঢাল খাইছে। বতাহৰ গতি কম হোৱাৰ বাবে বায়ুৰ মানদণ্ড সূচক অতি দুৰ্বল শ্ৰেণীত উপনীত হৈছে।

ধোৱাবৰণীয়া হৈ পৰিছে দিল্লীৰ আকাশ। দিল্লীৰ আৰু ওচৰ-পাজৰৰ অঞ্চলসমূহ আজিৰ দিনটো ধোৱাবৰণীয়া হৈ থাকে। ইয়াৰ বাবে, বায়ু গুণমান আৰু ব্যৱস্থাপনা আয়োগে বৃহস্পতিবাৰে গ্ৰেডেড ৰেচপন্স একচন প্লেন (জিআৰএপি)ৰ তৃতীয় পৰ্যায় কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিছে। দিল্লীৰ আনন্দ বিহাৰত আজি দিনৰ ১০ বজাত বায়ু গুণমান সূচক ৭৪০ হয়গৈ। বছৰটোৰ এয়া সৰ্বাধিক একিউআই।

ইয়াৰোপৰি দিল্লীৰ অন্যান্য ঠাই সমূহত একিউআই প্ৰায় ৪০০ ৰ ওপৰত থাকে। যাৰ বাবে দিল্লীত জৰুৰীকালীন সেৱা, চৰকাৰী নিৰ্মাণ কাৰ্য আৰু অন্যান্য নিৰ্মাণ কাৰ্য সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে।

দিল্লীৰ বায়ু বিষাক্ত হৈ পৰিছে। আজিৰ দিনটোত দেশৰ সৰ্বাধিক প্ৰদূষিত চহৰ হিচাপে নয়ডা চিহ্নিত হয়। কিয়নো ১২ বজাৰ পাছত বতাহৰ বাবে আনন্দ বিহাৰৰ একিউআই কিছু তললৈ নামে। আনহাতে নয়ডাৰ আইকিআই ৬৯৫ হয়গৈ।

যদি এনেকৈয়ে থাকে দিল্লীৰ অৱস্থা তেন্তে আগন্তুক সময়ত ৰাজধানী দিল্লীত ৰোগ বৃদ্ধি পোৱাৰ সম্ভাৱণা আছে। মানুহ ঘৰৰ পৰা বাহিৰলৈ ওলাব নোৱাৰাৰ পৰিস্থিতি উদ্ভৱ হ'ব। বিশেষজ্ঞৰ মতে, যদি বৰষুণ নিদিয়ে তেন্তে আগন্তুক সময়ত আৰু অধিক ভয়ংকৰ হ'ব দিল্লীৰ পৰিস্থিতি। বিশেষকৈ পঞ্জাৱত ধানৰ নৰা বা খেৰ জ্বলোৱা বাবে প্ৰদূষণ অধিক বৃদ্ধি পোৱা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, ০ ৰ পৰা ৫০ লৈ থাকিলে একিউই ভাল, ৫০-১০০ লৈ সন্তোষজনক, ১০১-২০০ লৈ মধ্যমীয়া, ২০১-৩০০ ৰ পৰা বেয়া, ৩০১-৪০০ ৰ পৰা অতি বেয়া, ৪০১-৫০০ অতি গুৰুতৰ বুলি ধৰা হয়।