ৰাষ্ট্ৰীয়

মাত্ৰ ৯০ ছেকেণ্ডঃ গৰ্ভতে শিশুৰ হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ কৰি সফলতা লাভ চিকিৎসকৰ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ভগৱনাৰ পাছতেই চিকিৎসক সকলক স্থান দিয়া হয়। মৃত্যুৰ লগত যুঁজি থকা এজন লোকৰ সমস্ত আশা থাকে চিকিৎসকৰ ওপৰত। ইয়াৰ মাজতে দিল্লীৰ এদল চিকিৎসকে দিছে এক সুখবৰ।

চিকিৎসা বিজ্ঞানৰ এক অলৌকিক ঘটনাটো সংঘটিত হৈছে এইমছত। য'ত চিকিৎসকে সফলতাৰে মাতৃৰ গৰ্ভত শিশুটোৰ হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ কৰি সফলতা লাভ কৰে। জটিল অস্ত্ৰোপচাৰৰ পাছতো মাতৃ আৰু কেঁচুৱা দুয়ো সুস্থ আছে।

মাতৃৰ গৰ্ভতে শিশুটিৰ অস্ত্ৰোপচাৰৰ সিদ্ধান্ত লৈছিল চিকিৎসকে। এই প্ৰক্ৰিয়াটোক চিকিৎসা বিজ্ঞানৰ ভাষাত বালুন ডিলাটেশ্যন(balloon dilation) বুলি কোৱা হয়। জানিব পৰা মতে ,২৮ বছৰীয়া মহিলাগৰাকীৰ ইয়াৰ পূৰ্বে ৩ বাৰ গৰ্ভপাত হৈছিল।

যেতিয়া চিকিৎসকে পৰিয়ালক শিশুটোৰ হৃদযন্ত্ৰৰ সমস্যাৰ বিষয়ে অৱগত কৰিছিল, তেওঁলোকে লগে লগে অস্ত্ৰোপচাৰৰ অনুমতি দিছিল। ইয়াৰ পাছত দিল্লী এইমছৰ হৃদৰোগ বিশেষজ্ঞ আৰু ফিটেল মেডিচিন বিশেষজ্ঞই এই প্ৰক্ৰিয়াটো সফলতাৰে সম্পূৰ্ণ কৰে।

চিকিৎসকে কয় যে, যেতিয়া কেঁচুৱাটো মাতৃৰ গৰ্ভত থাকে বহু প্ৰকাৰৰ গুৰুতৰ সমস্যা চিনাক্ত কৰিব পাৰি। কেতিয়াবা গৰ্ভতে কৰা কিছুমান চিকিৎসাই শিশুটিৰ বিকাশতো সহায় কৰে। এই প্ৰক্ৰিয়া আলট্ৰাচাউণ্ড গাইডেন্সৰ দ্বাৰা কৰা হয়।

চিকিৎসকে মাতৃৰ পেটৰ জৰিয়তে শিশুটোৰ হৃদযন্ত্ৰলৈ বেজি সুমুৱাই দি এই প্ৰক্ৰিয়াটো কৰিছিল। তাৰ পাছত বেলুন কেথেটাৰ ব্যৱহাৰ কৰি তেজৰ প্ৰবাহ উন্নত কৰিবলৈ ভাল্ভটো খুলি দিয়া হৈছিল।

চিকিৎসক সকলে আশা কৰিছে যে শিশুটিৰ বিকাশ এতিয়া ভালদৰে হ'ব আৰু জন্মৰ সময়ত হৃদজনিত সমস্য কম হ'ব। এই প্ৰক্ৰিয়াটো চিকিৎসকে ৯০ ছেকেণ্ডৰ ভিতৰত সম্পূৰ্ণ কৰে।