ৰাষ্ট্ৰীয়

চত্তিশগড়ত চিআৰপিএফত কৰ্মৰত বাক্সাৰ যুৱকৰ মৃত্যু

Asomiya Pratidin

ডিজিটেল সংবাদ, বাক্সাঃ বাক্সা জিলাৰ মুছলপুৰৰ এগৰাকী চিআৰপিএফত কৰ্মৰত যুৱকৰ কৰ্তব্যৰত অৱস্থাত বহিঃ ৰাজ্যত মৃত্যু হয়। এই ঘটনাত অঞ্চলজুৰি শোকৰ ছাঁ পৰে।

উল্লেখ্য যে চিআৰপিএফত কৰ্মৰত ০৩৫১৬০৬৩৫ এইচ চি/জিডি নম্বৰৰ ১৮৮ নং বিএনৰ চন্দন ডেকাই বৃহস্পতিবাৰে চত্তিশগড়ৰ কাচ্চেৰ কয়ল’ক হাইস্কুলৰ ৩৯ নং ভোটগ্ৰহণ কেন্দ্ৰত নিৰ্বা৩চনী দায়িত্বত আছিল। দায়িত্ব সামৰি ভোটকেন্দ্ৰ পৰা ঝিটকাটোলা (ভানুপ্ৰতাপপুৰ , কাংকেৰ)লৈ খোজ কাঢ়ি গৈ অৱস্থাতে সংজ্ঞাহীন হৈ পৰে। তেওঁক ডাল্লী ৰাজহাৰাৰ এখন চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটি তাতেই তেওঁৰ মৃত্যু হয় ।

শুকুৰবাৰে তেওঁৰ মৃতদেহ স্বগৃহলৈ অনাৰ পিছতে অগণন গুণমুগ্ধই জোৱানগৰাকীৰ চোতালত সমবেত হয়। পাছত সামৰিক মৰ্যাদাৰে তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয় ।উল্লেখ্য যে বাক্সা জিলাৰ মুছলপুৰৰ চন্দন ডেকাই মৃত্যুৰ সময়ত তেওঁৰ পত্নীৰ লগতে পুত্ৰ আৰু ন-মহীয়া এটি কন্যা সন্তানক এৰি থৈ যায় ।