তামিলনাডুত কংগ্ৰেছে বিচৰিব অধিক আসনঃ চেন্নাইত ছোনিয়া গান্ধীৰ বৈঠক...
তামিলনাডুত কংগ্ৰেছে বিচৰিব অধিক আসনঃ চেন্নাইত ছোনিয়া গান্ধীৰ বৈঠক... 
ৰাষ্ট্ৰীয়

তামিলনাডুত কংগ্ৰেছে বিচৰিব অধিক আসনঃ চেন্নাইত ছোনিয়া গান্ধীৰ বৈঠক...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ তামিলনাডুত পূৰ্বৰ তুলনাত অধিক আসনত প্ৰতিদ্বন্দিতা কৰিবলৈ সাজু কংগ্ৰেছ। ৰাজ্যখনত লোকসভা নিৰ্বাচনক লৈ এতিয়াৰে পৰা প্ৰস্তুতি কংগ্ৰেছৰ। ছোনিয়া গান্ধীৰ নিৰ্দেশ, এতিয়াৰে পৰা ৰাজ্যখনত নিৰ্বাচনৰ বাবে জপিয়াই পৰক দলীয় কৰ্মীসকল।

ৰাজ্যখনৰ শাসকীয় দল ডি এম কেৰ আমন্ত্ৰণ মৰ্মে মহিলা সন্মিলনত যোগদান কৰিবলৈ চেন্নাইলৈ গৈছে ছোনিয়া গান্ধী। ইয়াতেই কংগ্ৰেছ কৰ্মীসকলৰ সৈতে এক বৈঠকত অংশগ্ৰহণ কৰি গান্ধীয়ে লোকসভা নিৰ্বাচনত ডি এম কেৰ সৈতে বুজাবুজিৰে আসনৰ সংখ্যা আৰু বৃদ্ধি কৰি যুঁজ দিয়াৰ বাবে প্ৰস্তুতি চলাবলৈ কয়।

ডি এম কে নেতা এম কৰুণানিধিৰ শতবৰ্ষ উদযাপন উপলক্ষে অনুষ্ঠিত হৈছে মহিলা সন্মিলন। এই সন্মিলনত যোগ দিবলৈ দেশৰ মহিলা ৰাজনৈতিক নেত্ৰীসকলক চেন্নাইলৈ আমন্ত্ৰণ জনাইছে ডি এম কে সাংসদ কানিমোজিয়ে। মূলতঃ এই সন্মিলনত যোগদান কৰিবলৈ চেন্নাইত উপস্থিত হৈছে ছোনিয়া গান্ধী আৰু প্ৰিয়ংকা গান্ধী ভদ্ৰা।

এই সন্মিলনত অংশগ্ৰহণ কৰি ছোনিয়া গান্ধীয়ে মহিলা সংৰক্ষণ আইন যাতে দ্ৰুতভাৱে শাসকীয় শিবিৰে বাস্তৱায়িত কৰে তাৰ বাবে সন্মিলনত সৰৱ হয়। তেওঁ এই সন্দৰ্ভত দল, মত নিৰ্বিশেষে সকলোকে সৰৱ হ'বলৈও আহ্বান জনায়।

পাছত তামিলনাডুৰ কংগ্ৰেছ নেতাসকলৰ সৈতে এক বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকতে এতিয়াৰে পৰা ৰাজ্যখনত নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিবলৈ আৰু নিৰ্বাচনত জয়ী হ'ব পৰাকৈ এক পৰিৱেশ গঢ় দিবলৈ সকলোকে জপিয়াই পৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।

তামিলনাডুৰ শাসক দল ডি এম কেৰ সৈতে মিত্ৰতাত আছে কংগ্ৰেছ। বিগত লোকসভা নিৰ্বাচনত ৰাজ্যখনৰ মুঠ ৩৯ খন আসনৰ ভিতৰত কংগ্ৰেছে ৯ খন আসনত প্ৰতিদ্বন্দিতা কৰিছিল। আৰু এই ৯ খন আসনতেই দলটোৱে বিজয় সাব্যস্ত কৰিছিল।

সেয়েহে আত্মবিশ্বাসী কংগ্ৰেছে এইবাৰ অতি কমেও ১৫ খন আসনত প্ৰতিদ্বন্দিতা কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। অৱশ্যে ৰাজ্যখনত ডি এম কেৰ হাতত ধৰিয়েই আগবাঢ়িব কংগ্ৰেছ। ইফালে দক্ষিণ ভাৰতৰ এই ৰাজ্যখনৰ এ ডি এম কেও শেহতীয়াকৈ বিজেপিৰ সংগ ত্যাগ কৰিছে।

সেয়েহে কংগ্ৰেছ নেতাসকলৰ মানুহৰ সৈতে যোগাযোগ অধিক বৃদ্ধি কৰিবলৈ কৈছে। কেন্দ্ৰৰ বিভিন্ন জনবিৰোধী নীতি, ভগ্ন অৰ্থনীতি, নিবনুৱা সমস্যা আদি বিষয়বোৰ ৰাজ্যৰ সৰ্বত্ৰে প্ৰচাৰৰ ওপৰত গুৰুত্ব দিবলৈ তেওঁ নিৰ্দেশ দিছে।