ৰাষ্ট্ৰীয়

উৰিষ্যাত পুনৰ কয়লা খনি নিলাম

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ইটোৰ পিছত সিটো কয়লা খনি নিলামৰ পিছত উৰিষ্যাত পুনৰ কয়লা খনি নিলামৰ বাতৰিয়ে ৰাজ্যখনৰ সচেতন ৰাইজক হতাশ কৰিছে। উৰিষ্যাৰ কয়লা মন্ত্ৰালয়ে ২০২২ চনৰ ০৩ নৱেম্বৰত ৬ষ্ঠ ৰাউণ্ড আৰু পঞ্চম ৰাউণ্ডৰ দ্বিতীয় প্ৰচেষ্টাৰ অধীনত বাণিজ্যক খননৰ বাবে কয়লা খনিৰ নিলাম আৰম্ভ কৰিছিল।

এই খনিবোৰৰ বাবে ফৰৱাৰ্ড নিলাম ২৭ ফেব্ৰুৱাৰী, ২০২৩ ত আৰম্ভ কৰিছিল আৰু নিলামৰ অষ্টম দিনা দ্বিতীয়টো কয়লাখনি নিলামৰ বাবে ৰাখিছিল। যাৰ ভিতৰত ১টা কয়লা খনি চি.এম.এচ.পি আৰু আনটো এম.এম.ডি.আৰ কয়লা খনি।

আনহাতে ইয়াৰ এটা কয়লা খনি ইতিমধ্যেই অন্বেষণ কৰাৰ বিপৰীতে আনটো কয়লাখনি আংশিকভাৱে অন্বেষণ কৰা হৈছে। উক্ত কয়লা খনিৰ মুঠ ভূতাত্ত্বিক ভাণ্ডাৰ হৈছে ১,৬৫২ নিযুত টন।

কাৰ্যকৰী হোৱাৰ পিছত এই কয়লা খনিবোৰে খনিটোৰ পি.আৰ.চি গনণা মতে বাৰ্ষিক ২,৮৭৩ কোটি টকা ৰাজহ উপাৰ্জন কৰিব। উক্ত খনি দুটাই ২,২৫০ কোটি টকা মূলধন বিনিয়োগৰ লগতে ২০,২৮০ জন লোকক নিযুক্তি দিয়াৰ কথা উল্লেখ কৰে।