ৰাষ্ট্ৰীয়

দুদিন ধৰি প্ৰেমিকাৰ মৃতদেহৰ সৈতে কোঠাৰ ভিতৰত থাকিল প্ৰেমিক, পাছত...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ প্ৰেমিকাৰ মৃতদেহৰ সৈতে দুদিন ধৰি কোঠাৰ ভিতৰত আৱদ্ধ হৈ থাকিল যুৱক। এই ঘটনাৰ পাছতেই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চলটো। চট্টীশগড়ৰ ৰায়পুৰত সংঘটিত হোৱা এই ঘটনা পোহৰলৈ আহে বুধবাৰে।

ঘটনাৰ বিৱৰণী অনুসৰি মৃত যুৱতী গৰাকী বিগত ৭ মাহ ধৰি প্ৰেমিকৰ সৈতে একেলগে বাস কৰিছিল।  বাসন্তী যাদৱ(৩০) নামৰ যুৱতী গৰাকী এখন হস্পাতালত কৰ্মৰত অৱস্থাত আছিল। তেওঁৰ প্ৰেমিক গোপী নিষাদো একেলগে কাম কৰিছিল আৰু তেনেকৈয়ে তেওঁলোকৰ প্ৰেম আৰম্ভ হৈছিল। কিন্তু বিগত কেইদিনমান ধৰি একো কাম কৰা নাছিল গোপীয়ে।

অভিযুক্তৰ মতে আত্মহত্যা কৰিছিল যুৱতী গৰাকীয়ে। অভিযুক্তই আৰক্ষীক জনাই যে তেওঁ দেওবাৰে প্ৰত্যক্ষ কৰিছিল প্ৰেমিকাৰ মৃতদেহ। কিন্তু তেওঁ কি কৰিব ঠিৰাং কৰিব নোৱাৰি কোঠাৰ ভিতৰতে আছিল। কেৱল আহাৰ গ্ৰহণ কৰিবলৈহে তেওঁ বাহিৰলৈ গৈছিল।

কিন্তু দুদিন ধৰি যুৱতী গৰাকীক ওচৰ চুবুৰীয়াই নেদেখি চিন্তিত হৈছিল আৰু কোঠাৰ ভিতৰৰ পৰা দুৰ্গন্ধও  বিয়পি পৰিছিল। তেতিয়াই ঘৰৰ মালিকক জনাইছিল এই কথা। যেতিয়া ঘৰৰ মালিকে কোঠালৈ আহিছিল তেতিয়াই পোহৰলৈ আহিছিল সমগ্ৰ ঘটনা।

লগে লগে আৰক্ষীক খবৰ দিয়ে স্থানীয় লোকে। আৰক্ষীয়ে যুৱতী গৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি যুৱক জনক আটক কৰে। অৱশ্যে এয়া হত্যা নে আত্মহত্যা আছিল সেয়া তদন্তৰ পাছতহে পোহৰলৈ আহিব।