পুনৰ ১৪ টা মেচেঞ্জাৰ মোবাইল এপ্লিকেশ্যন নিষিদ্ধ কৰিলে চৰকাৰে...
পুনৰ ১৪ টা মেচেঞ্জাৰ মোবাইল এপ্লিকেশ্যন নিষিদ্ধ কৰিলে চৰকাৰে...  
ৰাষ্ট্ৰীয়

পুনৰ ১৪ টা মেচেঞ্জাৰ মোবাইল এপ্লিকেশ্যন নিষিদ্ধ কৰিলে চৰকাৰে...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰে পুনৰ গ্ৰহণ কৰিছে এক কঠোৰস্থিতি। নিষিদ্ধ কৰিলে ১৪ টাকৈ  মেচেঞ্জাৰ মোবাইল এপ্লিকেশ্যন। সুৰক্ষা আৰু চোৰাংচোৱা সংস্থাৰ পৰামৰ্শৰ ভিত্তিত কেন্দ্ৰিয় চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

এই মেচেঞ্জাৰ মোবাইল এপ্লিকেশ্যনৰ জৰিয়তে  জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীয়ে গোপন বাৰ্তা প্ৰেৰণ কৰিছিল। সন্ত্ৰাসবাদীয়ে এই মেচেঞ্জাৰ মোবাইল এপ্লিকেশ্যনসমূহ নিজৰ সমৰ্থক আৰু অন গ্ৰাউণ্ড ৱকাৰ্চৰ সৈতে যোগাযোগ কৰিবলৈ ব্যৱহাৰ কৰি আহিছিল।

কেন্দ্ৰিয় চৰকাৰে নিষিদ্ধ কৰা এই মেচেঞ্জাৰ মোবাইল এপ্লিকেশ্যনসমূহ হৈছেৃ- Crypviser, Enigma, Safeswiss, Wickrme,  Mediafire, Briar, BChat, Nandbox, Conion,  IMO, Element, Second line, Zangi,  Threema আদি। চোৰাংচোৱা সংস্থাসমূহৰ দাবী এই মেচেঞ্জাৰ মোবাইল এপ্লিকেশ্যনৰ জৰিয়তে জম্মু-কাশ্মীৰত থকা সন্ত্ৰাসবাদী সংগঠনসমূহে পাকিস্তানৰ ভূমিত থাকি সন্ত্ৰাসবাদী সংগঠনসমূহৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছিল। 

বিগত কেইটামান বছৰত চৰকাৰে জম্মু-কাশ্মীৰত সন্ত্ৰাসমূলক কাৰ্যকলাপ সংঘটিত কৰি অহা সন্ত্ৰাসবাদী সংগঠনৰ যোগাযোগৰ নেটৱৰ্ক বন্ধ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। যি কেইটা এপ বন্ধ কৰিছে সেই এপৰ চাৰ্ভৰ বিভিন্ন দেশত আছে যাৰ বাবে সেইসমূহ ট্ৰেক কৰাত সমস্যাৰ সৃষ্টি হৈ আহিছে।