ৰাষ্ট্ৰীয়

নিজ নিজ লোকসভা সমষ্টিত ভোটাধিকাৰ সাব্যস্ত তাৰকাৰ..

Asomiya Pratidin

ডিজিটেল ডেস্কঃ দেশজুৰি অনুষ্ঠিত হোৱা প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ভোটাধিকাৰ সাব্য়স্ত কৰাৰ ক্ষেত্ৰত পিছপৰি ৰোৱা নাই চলচিত্ৰ তাৰকাসকল। শুকুৰবাৰে নিজ নিজ ভোটগ্ৰহণ কেন্দ্ৰলৈ মতদানৰ উদ্দেশ্যে ওলাই আহিল একাংশ অভিনেতা-তাৰকা।

চেন্নাইৰ অন্তৰ্গত কয়েমবেডু চহৰত ভোটাধিকাৰ সাব্য়স্ত কৰে অভিনেতা কমল হাছানে। একেদৰে অলৱাৰপেট চহৰত ভোট দান কৰে দক্ষিণৰ জনপ্ৰিয় অভিনেতা ধানুষে। এই ক্ষেত্ৰত পিছপৰি ৰোৱা নাই থালাইৱা। চেন্নাইত ভোট দিবলৈ উপস্থিত হয় ৰজনীকান্ত। লগতে থিৰুভানমিউৰত অভিনেতা অজিত কুমাৰ,চেন্নাইত বিজয় শেথুপতিয়ে ভোটদান কৰা পৰিলক্ষিত হয়।

সমান্তৰালকৈ কয়েম্বতুৰত ভোটাধিকাৰ সাব্য়স্ত কৰে সদগুৰু জগ্গী বাসুদেৱে। লগতে হৰিদ্বাৰত ভোট দিয়ে যোগ গুৰু ৰামদেৱ আৰু আচাৰ্য বালকৃষ্ণই। এনেদৰে নিজ নিজ লোকসভা সমষ্টিত ভোটাধিকাৰ সাব্যস্ত কৰিলে একাংশ তাৰকাই।