ৰাষ্ট্ৰীয়

চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিলৰ পাছত অখিলেশ যাদৱৰ প্ৰতিক্ৰিয়া…

asomiyapratidin

ডিজিটেল ডেস্কঃ বাতিল কৰা হ'ল চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষা। চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিলৰ পাছত সমাজবাদী পাৰ্টীৰ অধ্যক্ষ অখিলেশ যাদৱে চিবিএছইৰ দৰে আনবোৰ শিক্ষা ব'ৰ্ড তথা ৰাজ্যিক শিক্ষা ব'ৰ্ড সমূহকো পৰীক্ষা বাতিল কৰিবলৈ দাবী উত্থাপন ৰিছে। অখিলেশ যাদৱে বুধবাৰে টুইটাৰত লিখে- 'পৰীক্ষাৰ্থী- অভিভাৱকসকলৰ দাবীৰ সন্মুখত অসংবেদনশীল বিজেপি চৰকাৰে অৱশেষত হাৰ মানিলে। আৰু চিবিএছইয়ে দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল কৰাৰ চূড়ান্ত সিদ্ধান্ত ল'ব লগা হ'ল।'

টুইটাৰত সমাজবাদী পাৰ্টীৰ অধ্যক্ষ গৰাকীয়ে লগতে লিখিছে- 'এতিয়া ইয়াৰ আধাৰতে অন্যবোৰ শিক্ষা বৰ্ড তথা ৰাজ্যিক শিক্ষা ব'ৰ্ডসমূহেও পৰীক্ষা বাতিল কৰিব লাগে।' অখিলেশ যাদৱে আৰম্ভণিৰে পৰা দাবী কৰি আহিছে যে, দেশৰ প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক কোভিড ভেকচিন প্ৰদান প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱালৈকে পৰীক্ষা আয়োজন কৰিব নালাগে।

উল্লেখ্য যে, মঙলবাৰে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত গুৰুত্বপূৰ্ণ বৈঠকত চিবিএছই ব'ৰ্ডে দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। বৈঠকৰ মাজতে প্ৰধানমন্ত্ৰীয়ে কয় যে, ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু শিক্ষক সকলৰ মাজত পৰীক্ষা সন্দৰ্ভত যি চিন্তা আছে সেয়া দূৰ কৰিব লাগে। কোভিড সৃষ্ট এই পৰিস্থিতিৰ মাজতে ছাত্ৰ-ছাত্ৰী সকলক পৰীক্ষাত বহাৰ বাবে হেঁচা দিয়াতো উচিত নহয়।