দিল্লীত কমিছে কোৰোনাৰ সংক্ৰমণঃ পজিটিভিটী ৰেট ০.৭৮ শতাংশলৈ হ্ৰাস…

দিল্লীত কমিছে কোৰোনাৰ সংক্ৰমণঃ পজিটিভিটী ৰেট ০.৭৮ শতাংশলৈ হ্ৰাস…

ডিজিটেল ডেস্কঃ দিল্লীত লাহে লাহে হ্ৰাস পাবলৈ ধৰিছে কোৰোনাৰ সংক্ৰমণ। ৰাজ্যখনত পজিটিভিটী ৰেট প্ৰতিদিনাই হ্ৰাস পাই গৈ আছে। যোৱা ২৪ ঘন্টাত দিল্লীত পজিটিভিটী ৰে ০.৭৮ শতাংশ হয়গৈ। ৰাজ্যখনত যোৱা ২৪ ঘন্টাৰ এই সময়খিনিত নতুনকৈ ৫৭৬জন লোকৰ দেহত ধৰা পৰে কোৰোনাৰ উপস্থিতি। ইফালে, এই সময়চোৱাত কোৰোনাত আক্ৰান্ত ১০৩জন লোকৰ মৃত্যু হয় দিল্লীত।

ইফালে, ৰাজ্য খনত এতিয়াও কোৰোনাত আক্ৰান্ত হৈ থকা লোকৰ সংখ্যা ১০ হাজাৰৰ তললৈ হ্ৰাস পাইছে। উল্লেখযোগ্য যে, ৩১ মাৰ্চৰ পাছত প্ৰথম বাৰলৈ ৰাজ্য খনত কোৰোনাত আক্ৰান্ত হৈ থকা লোকৰ সংখ্যা ১০ হাজাৰৰ তললৈ নামিছে। বৰ্তমান সময়ত দিল্লীত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৯৩৬৪জন ৰোগী।

ৰাজধানী চহৰ খনত কোৰোনাত আক্ৰান্ত হৈ আৰোগ্য হোৱা লোকৰ হাৰো বহু উন্নত হ'বলৈ ধৰিছে। বৰ্তমান সময়ত দিল্লীত আৰোগ্যৰ হাৰ ৯৭.৬৩ শতাংশ। আৰু এক্টিভ ৰোঘীৰ হাৰ ০.৬৫ শতাংশ হৈছেগৈ। আনহাতে, মৃত্যু হোৱা লোকৰ হাৰ ৰাজ্য খনত ১.৭১ শতাংশ। ইফালে, পজিটিভিটী ৰেট ০.৭৮ শতাংশলৈ হ্ৰাস পাইছে।

ৰাজ্য খনত যোৱা ২৪ ঘন্টাত কোৰোনাত নতুনকৈ ৫৭৬ জনৰ দেহত কোৰোনাৰ উপস্থিতি ধৰা পৰাৰ পাছত দিল্লীত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ১৪২৭৪৩৯ জনলৈ বৃদ্ধি পাইছে। যোৱা ২৪ ঘন্টাৰ এই সময়ত দিল্লীত সুস্থ হৈছে ১২৮৭জন লোক আৰু বৰ্তমানলৈ ৰাজ্যখনত আৰোগ্য হোৱা লোকৰ সংখ্যা ১৩৯৩৬৭৩ জনলৈ বৃদ্ধি পালে।

আনহাতে, ৰাজ্যখনত যোৱা ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত ১০৩জন লোকে হেৰুৱাই প্ৰাণ। এতিয়ালৈকে ৰাজ্য খনত কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ২৪৪০২ জনলৈ বৃদ্ধি পাইছে। উল্লেখ্য যে, এই সময়চোৱাত ৰাজ্যখনত ৭৩৪৫১জন লোকৰ কোভিড টেষ্ট কৰা হয় আৰু দিল্লীত বৰ্তমানলৈ কোভিড টেষ্ট কৰা হৈছে মুঠ ১৯৪৪৬৫৪৪জন লোকৰ। যি সংখ্যা প্ৰতিদিনাই বৃদ্ধি পাই গৈ আছে ৰাজ্য খনত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in