ৰাষ্ট্ৰীয়

CBSE দশম শ্ৰেণীৰ পৰীক্ষা আৰম্ভ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ সোমবাৰৰ পৰা আৰম্ভ হৈছে চিবিএছই দশম শ্ৰেণীৰ পৰীক্ষা। সমগ্ৰ দেশজুৰি এই পৰীক্ষাত ৩৯ লাখ ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছে। প্ৰথম দিনা ইংৰাজী বিষয়ক পৰীক্ষা আছিল পুৱা ১০.৩০ বজাৰ পৰা।

চিবিএছই দশম শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলক ৩০ মিনিটৰ পূৰ্বে পৰীক্ষা গৃহত উপস্থিত হোৱা, কভিড-১৯ৰ গাইড লাইন মানি চলা, কোনো ধৰণৰ ইলেক্টনিক সামগ্ৰী নিব নোৱাৰা আদি নিয়ম বান্ধি দিছে। ইংৰাজী বিষয়ক পৰীক্ষাত মুঠ ৮০ নম্বৰৰ বাবে অনুষ্ঠিত হৈছে।