মনিষ চিছোদিয়াৰ পিছত ৰাবড়ী দেৱী ! ৫ ঘণ্টা ধৰি বাসগৃহতে চি বি আইয়ে চলালে জেৰা...
মনিষ চিছোদিয়াৰ পিছত ৰাবড়ী দেৱী ! ৫ ঘণ্টা ধৰি বাসগৃহতে চি বি আইয়ে চলালে জেৰা... 
ৰাষ্ট্ৰীয়

মনিষ চিছোদিয়াৰ পিছত ৰাবড়ী দেৱী ! ৫ ঘণ্টা ধৰি বাসগৃহতে চি বি আইয়ে চলালে জেৰা...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ মনিষ চিছোদিয়াৰ পিছত এইবাৰ বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাবড়ী দেৱীৰ পাল ! চি বি আইয়ে আজি ৰাবড়ী দেৱীৰ বাসগৃহত ৫ ঘণ্টা ধৰি চলালে জেৰা।

আৰ জে ডিৰ মুৰব্বী লালু প্ৰসাদ যাদৱৰ পত্নী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাবড়ী দেৱীৰ বাসগৃহত আজি পুৱাই উপস্থিত হৈছিল চি বি আইৰ এটা দল। দলটোৱে প্ৰায় ৫ ঘণ্টা ধৰি ৰাবড়ী দেৱীক সোধপোছ কৰে।

উল্লেখ্য যে, ভূমিৰ বিনিময়ত ৰে'লৱে চাকৰি গোচৰৰ সন্দৰ্ভত এই অভিযান চলাইছিল। এই গোচৰত প্ৰাক্তন ৰে'লমন্ত্ৰী লালু প্ৰসাদ যাদৱ, তেওঁৰ পত্নী ৰাবড়ী দেৱী, কন্যা মিছা ভাৰতীকে ধৰি মুঠ ১৪ জন লোক অভিযুক্ত।

গোচৰটোৰ সন্দৰ্ভত অহা ১৫ মাৰ্চত লালু প্ৰসাদ যাদৱ, ৰাবড়ী দেৱী আৰু কন্যা মিছা ভাৰতীক আদালতত হাজিৰ হ'বলৈ কোৱা হৈছে। মন কৰিবলগীয়া যে, চি বি আইৰ দলটো যিসময়ত ৰাবড়ী দেৱীৰ বাসগৃহত গৈ উপস্থিত হৈছিল সেই সময়ত ৰাবড়ী দেৱী বিধানসভালৈ যোৱাৰ প্ৰস্তুতি চলাই আছিল।

আনহাতে চি বি আইৰ দলটো উপস্থিত হোৱাৰ ঠিক আগে আগে বিধানসভালৈ ওলাই গৈছিল ৰাবড়ী দেৱীৰ পুত্ৰ তথা বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱ। এই সন্দৰ্ভত তেজস্বী যাদৱে সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, চি বি আই, ই ডি, আয়কৰ বিভাগৰ দল প্ৰতি মাহে আহি থাকে।

তেওঁ কয়, এই প্ৰক্ৰিয়া ২০২৪ লৈ অব্যাহত থাকিব। এয়া আমাৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ নহয়। ইফালে চি বি আইৰ দলে ৰাবড়ী দেৱীৰ বাসগৃহৰ ভিতৰত থকাৰ সময়তে বাসগৃহৰ বাহিৰত আৰ জে ডিৰ কৰ্মীয়ে আহি ভিৰ কৰেহি।

তেওঁলোকে এই সন্দৰ্ভত কয় যে, আৰ জে ডিৰ মূৰব্বী লালু প্ৰসাদ যাদৱ ছিংগাপুৰৰ পৰা উভতি আহি সক্ৰিয় হৈছে। তেওঁ এক কাৰ্যসূচীত জনতাক সম্বোধন কৰিছিল। যাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ভয় খাইছে।

বিহাৰত সকলো হোলীক লৈ ব্যস্ত আছে আৰু কেন্দ্ৰীয় চৰকাৰে চি বি আইৰ দল প্ৰেৰণ কৰিছে। কেন্দ্ৰীয় তদন্তকাৰী প্ৰতিষ্ঠানসমূহক চৰকাৰে অপব্যৱহাৰ কৰিছে। ২০২৪ ত ৰাইজে ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব।

উল্লেখ্য যে, ৰাবড়ী দেৱীক আজি চি বি আইৰ কাৰ্যালয়তে সোধপোছ কৰাৰ কথা আছিল যদিও চি বি আইৰ প্ৰায় ১২ জন বিষয়াই ৩ খন বাহনত আহি ৰাবড়ী দেৱীক তেওঁৰ বাসগৃহতে জেৰা চলায়।