গুলীবিদ্ধ দেহাৰে চালকে ডকাইতৰ পৰা ৰক্ষা কৰিলে তীৰ্থ যাত্ৰীকঃ ৩০ কিলোমিটাৰ চলাই নিলে ট্ৰেভেলাৰ...
গুলীবিদ্ধ দেহাৰে চালকে ডকাইতৰ পৰা ৰক্ষা কৰিলে তীৰ্থ যাত্ৰীকঃ ৩০ কিলোমিটাৰ চলাই নিলে ট্ৰেভেলাৰ...  
ৰাষ্ট্ৰীয়

গুলীবিদ্ধ দেহাৰে চালকে ডকাইতৰ পৰা ৰক্ষা কৰিলে তীৰ্থ যাত্ৰীকঃ ৩০ কিলোমিটাৰ চলাই নিলে ট্ৰেভেলাৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ডকাইতৰ আক্ৰমণ আৰু গুলীবিদ্ধ দেহাৰেই এগৰাকী চালকে ৰক্ষা কৰিলে এখন যাত্ৰীবাহী ট্ৰেভেলাৰৰ বহু কেইজন যাত্ৰীক। গুলীয়ে চালকজনৰ হাতত বিন্ধাৰ পিছতো ৰক্তাক্ত অৱস্থাৰেই তীব্ৰ যন্ত্ৰণাক নেওচি যাত্ৰীসকলক সুৰক্ষিতভাৱে ৰক্ষা কৰিলে এগৰাকী সাহসী চালকে। এই ঘটনা মহাৰাষ্ট্ৰৰ।

ৰাজ্যখনৰ নাগপুৰৰ পৰা এখন ট্ৰেভেলাৰত অমৰাবতিলৈ ঘূৰিছিল তীৰ্থ যাত্ৰীৰ এটা দল। এই তীৰ্যযাত্ৰীৰ দলটোৱে ট্ৰেভেলাৰখন ভাড়া কৰি অমৰাবতিৰ পৰা মন্দিৰ দৰ্শনৰ বাবে গৈছিল নাগপুৰলৈ।

কিন্তু হঠাৎ পথত এই তীৰ্থ যাত্ৰীৰ দলটোক আগভেটি ধৰে এখন এছ ইউ ভি বাহনে। ট্ৰেভেলাৰখনৰ চালকজনে এছ ইউ ভিখন অতিক্ৰম কৰি আগবাঢ়ি গৈছিল যদিও বাৰে বাৰে এছ ইউ ভিখনে ট্ৰেভেলাৰখনক আগভেটি ধৰিবলৈ চেষ্টা চলাই আছিল।

তাৰ মাজতে হঠাৎ এছ ইউ ভি বাহনখনৰ পৰা এজন লোকে ট্ৰেভেলাৰখনৰ চালকক লক্ষ্য কৰি কেইবাটাও গুলী কৰে। সেই গুলী লাগে চালকজনৰ এখন হাতত। জানিব পৰা মতে গুলীবিদ্ধ চালকজনৰ নাম কোমদেব কোৱাডে। বৰ্তমান তেওঁ হাস্পতালত চিকিৎসাধীন হৈ আছে।

হাস্পতালৰ পৰাই তেওঁ কয়, ডকাইতৰ দলটোৱে গাড়ীলৈ মোৰ গাড়ীখন বাৰে বাৰে ৰখাবলৈ চেষ্টা কৰিছিল। সিহঁতৰ উদ্দেশ্য আছিল আমাৰ গাড়ীৰ লুটপাত কৰা। মই গাড়ীখন নৰখোৱাৰ বাবে গুলী কৰে। ভাগ্যৰ বলত প্ৰাণ ৰক্ষা পৰিল। গুলী মোৰ সোঁহাতত লাগিছে।

উল্লেখ্য যে, গুলী লাগিলেও বাছ নৰখালে কোমদেবে। হাতৰ পৰা প্ৰচুৰ পৰিমাণে ৰক্ত ক্ষৰণ হোৱাৰ পিছতো সেই অৱস্থাতেই গাড়ীখন চলাই নি এখন আৰক্ষী থানা পোৱাগৈ। গুলীবিদ্ধ অৱস্থাৰে প্ৰায় ৩০ কিলোমিটাৰ গাড়ীখন চলাই নিয়ে তেওঁ।

আৰক্ষী থানাত গাড়ীখন ৰখাই আৰক্ষীক সকলো কথা অৱগত কৰে। ইয়াৰ পিছতে তেওঁ আৰক্ষী থানাতে অজ্ঞান হৈ পৰে। তাৰ পাছতেই তেওঁক ভৰ্তি কৰোৱা হয় স্থানীয় হাস্পতালত। তাতেই তেওঁ চিকিৎসাধীন হৈ আছে।

এই ঘটনাৰ পাছতে এছ ইউ ভিখনৰ অভিযানত আৰক্ষীয়ে অভিযান চলাইছে। গুলীবিদ্ধ চালকজনে জনোৱা অনুসৰি এছ ইউ ভিখনৰ নম্বৰ ভালকৈ লক্ষ্য কৰিব নোৱাৰিলে। অৱশ্যে এছ ইউ ভিখন যে উত্তৰপ্ৰদেশত পঞ্জীয়নভুক্ত সেই কথা স্পষ্ট কৰিছে তেওঁ।