ৰাষ্ট্ৰীয়

জে ই ই পৰীক্ষাৰ শিথিলতা আবেদন নাকচ বোম্বে উচ্চ ন্যায়ালয়ৰ...

Asomiya Pratidin

ডিজিটেল ডেস্ক : জেইইৰ নামভৰ্তিৰ বাবে ৭৫% নিৰ্ধাৰিত নম্বৰৰ চৰ্ত শিথিল কৰিবলৈ বিচৰা পিআইএল নাকচ বোম্বাই উচ্চ ন্যায়ালয়ৰ। চৰকাৰে বিবেচনা কৰি সিদ্ধান্ত লোৱাৰ কথা উল্লেখ কৰি বোম্বাই উচ্চ ন্যায়ালয়ে উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৭৫% নম্বৰক শিথিল কৰিবলৈ বিচৰা ৰাজহুৱা স্বাৰ্থৰ মোকৰ্দমা (পিআইএল) নাকচ কৰে। উল্লেখ্য যে, আইআইটিত নামভৰ্তিৰ যোগ্যতাৰ চৰ্ত হিচাপে ৭৫% বিচৰা হয়।

ন্য়ায়ালয়ৰ কাৰ্যকৰী মুখ্য ন্যায়াধীশৰ মতে চৰকাৰী তথা বিভাগীয় বৰ্ডৰ অনুমতি অবিহনে এই শিথিলতাৰ অধিকাৰ ন্যায়ালয়ৰ নাই। গতিকে এই সিদ্ধান্ত বাবে চৰকাৰকহে আবেদন কৰা উচিত। আনহাতে ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই (এনটিএ) পিআইএলৰ উত্তৰ দাখিল কৰি ব'ৰ্ড পৰীক্ষাত ৭৫% নম্বৰ প্ৰাপ্ত কৰাৰ অৰ্হতাৰ চৰ্ত কিয় নিৰ্ধাৰণ কৰা হৈছিল সেয়া বৰ্ণনা কৰে।

এন.টি.এ.-য়ে দাবী কৰে যে ৭৫% কাট-অফ ৰখা সিদ্ধান্ত জে.ই.ই. এপেক্স ব'ৰ্ডৰ (জে.এ.বি.) অনুমোদনৰ জৰিয়তে সচেতন আৰু সুবিবেচিত ভাবে লোৱা সিদ্ধান্ত আছিল। পূৰ্বৱৰ্তী শৈক্ষিক বৰ্ষবোৰৰ বাবে এইয়া শিথিল কৰাটো সময় উপযোগী পদক্ষেপ আছিল।