ৰাষ্ট্ৰীয়

পঞ্জাৱত অকলেই নিৰ্বাচন খেলিব বিজেপিয়ে

Asomiya Pratidin

ডিজিটেল ডেস্কঃ পঞ্জাৱত অকলেই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপিয়ে। পঞ্জাৱ বিজেপিৰ অধ্যক্ষ সুনীল জাখড়ে এই বিষয়ে জনাই কয় যে পঞ্জাৱৰ ১৩ খন আসনতেই বিজেপিয়ে প্ৰাৰ্থী আগবঢ়াব।

সুনীল জাখড়ে কয় যে, দলৰ কাৰ্যকৰ্তা, নেতাকে ধৰি সকলোৰে লগত আলোচনা কৰি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তেওঁ কয় যে, পঞ্জাৱৰ ব্যৱসায়ী, শ্ৰমিক, পঞ্জাৱৰ দৰিদ্ৰ জনসাধাৰণৰ কথা ভাবি এই সিদ্ধান্ত লোৱা হৈছে।

তেওঁ কয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত বিজেপিয়ে যি কাম কৰি আহিছে সেয়া সকলোৱে দেখিছে। মই ভাবো যে ১ জুনত পঞ্জাৱৰ জনসাধাৰণে বিজেপিৰ লগ দিব।

উল্লেখ্য যে, ১৯ এপ্ৰিলৰ পৰা আৰম্ভ হ'বলগীয়া লোকসভা নিৰ্বাচন ৭টা পৰ্যায়ত অনুষ্ঠিত হ'ব। সপ্তম পৰ্যায়ত ১ জুনত পঞ্জাৱত হ'ব নিৰ্বাচন আৰু ৪ জুনত আটাইকেইটা সমষ্টিৰে লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ব।