ৰাষ্ট্ৰীয়

কা- সন্দৰ্ভত বিভ্ৰান্তি বিয়পাই আছে বিৰোধীয়ে, এয়া বন্ধ কৰিব লাগেঃ ৰবিশংকৰ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ কা- কাৰ্যকৰী হোৱাৰ পাছতেই বিৰোধী দলসমূহৰ প্ৰতিক্ৰিয়া অব্যাহত আছে। ইয়াৰ মাজতে বিজেপিৰ বিশিষ্ট নেতা ৰবিশংকৰ প্ৰসাদে বিৰোধীক আক্ৰমণ কৰে। তেওঁ কয় যে, কা- সন্দৰ্ভত বিৰোধীয়ে বিভ্ৰান্তি বিয়পাই আছে। এই ধৰণৰ ৰাজনীতি বিৰোধীয়ে বন্ধ কৰিব লাগে। কা- ৰূপায়নৰ ফলত কাৰো নাগৰিকত্ব নাযায়, কাৰো চাকৰিৰ ক্ষেত্ৰতো অসুবিধা নহয়।

তেওঁ কয় যে, ভাৰতলৈ অহা লোকসকলক প্ৰতাৰিত হোৱা লোক। তেওঁলোকৰ আইনীভাৱে নাগৰিকত্ব প্ৰদান কৰাৰ অধিকাৰ নাই নেকি? কেজৰিৱালে ভোট বেংকৰ ৰাজনীতি কৰি আছে। গৃহমন্ত্ৰী অমিত শ্বাহে কাৰ বিষয়ে স্পষ্ট কৰি কৈছিল যে কাৰো নাগৰিকত্ব নাযায়। অপ্ৰয়োজনীয় প্ৰচাৰ সৃষ্টি কৰা হৈছে। এই লোকসকলে ৰহিংগীয়াসকলৰ সপক্ষে কথা কয়। এইটো দুৰ্ভাগ্যজনক।

কা-ৰ নামত সাম্প্ৰদায়িকতাৰ বিষবাষ্প বিয়পোৱাসকলক কব বিচাৰিছো যে মিছা কথাৰ ব্যৱসায় বন্ধ কৰক। মমতা, কেজৰিৱালে চিঞৰি আছে। সকলোৰে ৰাজনৈতিক ভিত্তি সংকটত পৰা বাবে এনে মন্তব্য কৰি আছে। মিছা আৰু ভুল বুজাবুজি বিয়পা বন্ধ কৰক। বাৰে বাৰে, চৰকাৰে স্পষ্ট কৰি দিছে, তেন্তে ভুল বুজাবুজি কিয় বিয়পাই দিয়া হৈছে?

উল্লেখ্য যে, কা কাৰ্যকৰী হোৱাৰ পাছতে বিৰোধী আৰু শাসক পক্ষৰ মাজত বাক্যবান অব্যাহত আছে। কেজৰিৱালে কা-ৰ বিৰোধিতা কৰি কৈছিল যে আফগানিস্তা, বাংলাদেশ, পাকিস্তানৰ পৰা কোটি কোটি মানুহ আনি ইয়াত সংস্থাপন দিয়া হ'ব।