ৰাষ্ট্ৰীয়

ভোট দানৰ হাৰ কম: নিশালৈ বিজেপিৰ বৈঠক, কাৰ্যকৰ্তাক দিলে বিশেষ দায়িত্ব

Asomiya Pratidin

ডিজিটেল ডেস্কঃ এয়া নিৰ্বাচনৰ বতৰ। ১৯ এপ্ৰিলত দেশত অনুষ্ঠিত হৈ যায় প্ৰথম পৰ্যায়ৰ নিৰ্বাচন। কিন্তু এই নিৰ্বাচনত ভোটগদানৰ শতকৰা হাৰ কম। যাৰ বাবে চিন্তা বাঢ়িছে বিজেপিৰ।

ভোটদানৰ সংখ্যা কম হোৱাৰ বাবে সোমবাৰে নিশালৈকে বিজেপিয়ে বৈঠক অনুষ্ঠিত কৰে। ইয়াৰ পিছত, দলৰ কাৰ্যকৰ্তাসকলক এক বিশেষ বাৰ্তা প্ৰেৰণ কৰা হয়। বিজেপিয়ে কাৰ্যকৰ্তাসকলক দায়িত্ব দি কয় যে, তেওঁলোকে যাতে ভোটাৰসকলক ঘৰৰ পৰা বাহিৰলৈ গৈ ভোট দিবলৈ উৎসাহিত কৰে।

জানিব পৰা মতে, এই বৈঠকত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ লগতে আন জ্য়েষ্ঠ নেতা উপস্থিত আছিল। সোমবাৰে উত্তৰ প্ৰদেশৰ আলিগড়ত ৰেলীৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভোটদানৰ হাৰ কম হোৱাৰ কথা উল্লেখ কৰিছিল।

যেতিয়া ২০১৪ চনত বিজেপি শাসনলৈ আহিছিল, ভোটদানৰ হাৰ আছিল ৬৬ শতাংশ। ২০০৯ চনত, ভোটদানৰ হাৰ আছিল মাত্ৰ ৫৮ শতাংশ। আনহাতে ২০১৯ চনত ভোটদানৰ হাৰ ৬৭.৪০ শতাংশলৈ বৃদ্ধি পাইছিল।

উল্লেখ্য যে, চলিত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটদান আছিল মাত্ৰ ৬৩ শতাংশ আৰু ইয়ে বিজেপিৰ বাবে উদ্বেগৰ কাৰণ হৈ পৰিছে। আৰু বাকী আছে নিৰ্বাচনৰ ৬ টা পৰ্যায়। গতিকে আগন্তুক নিৰ্বাচনক ভোটদানৰ হাৰ কি হয় সেয়া হ'ব লক্ষণীয়।