Gujrat Election: BJP য়ে ৫ বছৰত ২০ লাখ নিৱনুৱা, ১ লাখ মহিলাক দিব চাকৰি !
Gujrat Election: BJP য়ে ৫ বছৰত ২০ লাখ নিৱনুৱা, ১ লাখ মহিলাক দিব চাকৰি ! 
ৰাষ্ট্ৰীয়

Gujrat Election: BJP য়ে ৫ বছৰত ২০ লাখ নিৱনুৱা, ১ লাখ মহিলাক দিব চাকৰি !

Asomiya Pratidin

ডিজিটেল ডেস্কঃ প্ৰতিশ্ৰুতিৰ জোৱাৰ ! গুজৰাট নিৰ্বাচন (Gujrat Election) ৰ পূৰ্বে প্ৰচাৰ অভিযান তীব্ৰ হৈ পৰাৰ মাজতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই উন্মোচন কৰিলে বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ।

শনিবাৰে জে পি নড্ডাই মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল, ৰাজ্যিক সভাপতি চি আৰ পাটিলৰ উপস্থিতিত এই ইস্তাহাৰ মুকলি কৰিছে। এই ইস্তাহাৰখনত উল্লেখ থকা প্ৰতিশ্ৰুতি অনুসৰি বিজেপিয়ে মূলতঃ যুৱ প্ৰজন্মৰ ভোটাৰ আৰু মহিলা ভোটাৰক আকৰ্ষণৰ চেষ্টা কৰা পৰিলক্ষিত হৈছে।

ইস্তাহাৰত বিজেপিয়ে ৫ বছৰত গুজৰাটৰ ২০ লাখ নিবনুৱাক নিযুক্তি প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। এই সময়ছোৱাত ১ লাখ মহিলাকো নিযুক্তিৰ কথা কৈছে। ছাত্ৰীক বৈদ্যুতিক স্কুটি প্ৰদানৰ প্ৰতিশ্ৰুতি দিছে। ইয়াৰোপৰি দুটা সাগৰীয় খাদ্য উদ্যান, জলসিঞ্চন নেটৱৰ্ক স্থাপনৰো প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।

ইস্তাহাৰখন মুকলি কৰি জে পি নাড্ডাই কয়, "সন্ত্ৰাসবাদী সংগঠন আৰু ভাৰত বিৰোধী শক্তিৰ স্লিপাৰ চেলৰ পৰা সাম্ভাব্য ভাবুকি চিনাক্ত আৰু দূৰ কৰিবলৈ আমি এক উগ্ৰবাদ বিৰোধী কোষ সৃষ্টি কৰিম।" তেওঁ লগতে কয়, "আমি গুজৰাটত ইউনিফৰ্ম চিভিল কোড কমিটিৰ পৰামৰ্শসমূহৰ সম্পূৰ্ণ ৰূপায়ণ নিশ্চিত কৰিম। ইয়াৰোপৰি তেওঁ ৰাজহুৱা সম্পত্তিৰ ক্ষতি সম্পৰ্কীয় আইনো প্ৰস্তুত কৰাৰ কথা প্ৰকাশ কৰিছে।

তেওঁ কয় যে গুজৰাটৰ অগ্ৰগতিৰ বাবে আমি ৰাজ্যখনক প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ আকৰ্ষণৰ স্থান কৰি গুজৰাটৰ অৰ্থনীতিক ১ ট্ৰিলিয়ন অৰ্থনীতিৰ সম পৰ্যায়ৰ কৰি তুলিম। জে পি নাড্ডাই কয় যে, আমাৰ এই ইস্তাহাৰ কেৱল এখন ডকুমেণ্ট নহয়, আমি যি কৈছো সেয়া কৰিছো, আমি যি কম সেয়া কৰিম। এয়াই হৈছে ভাৰতীয় জনতা পাৰ্টিৰ শক্তি।

বিজেপিৰ ইস্তাহাৰত উল্লেখিত বিষয়সমূহঃ

  • গুজৰাট কৃষি আন্তঃগাঁথনি পুঁজিৰ অধীনত১০ হাজাৰ কোটি টকা বিনিয়োগ।

  • জলসিঞ্চন নেটৱৰ্ক সম্প্ৰসাৰিত কৰিবলৈ ২৫ হাজাৰ কোটি টকাৰ বিনিয়োগ।

  • গোশালা শক্তিশালী কৰিবলৈ ৫০০ কোটি টকাৰ অতিৰিক্ত বাজেট

  • ১ হাজাৰ অতিৰিক্ত ভ্ৰাম্যমাণ পশু চিকিৎসা গোট স্থাপন কৰাৰ প্ৰতিশ্ৰুতি

  • দক্ষিণ গুজৰাট আৰু সৌৰাষ্ট্ৰত এটা কৈ সাগৰীয় খাদ্য উদ্যান স্থাপনৰ প্ৰতিশ্ৰুতি।

  • ভাৰতৰ প্ৰথম নীলা অৰ্থনীতি ঔদ্যোগিক কৰিডৰ নিৰ্মাণ আৰু মাছ ধৰা আন্তঃগাঁথনি শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি।

  • গুজৰাটৰ যুৱক-যুৱতীসকলক অহা ৫ বছৰত ২০ লাখ চাকৰিৰ প্ৰতিশ্ৰুতি।

  • জনজাতীয় যুৱক-যুৱতীসকলৰ বাবে নিযুক্তিৰ সুযোগ সৃষ্টি কৰিবলৈ জনজাতীয় বেল্টত ৮ টা জি আই ডি চি স্থাপন কৰাৰ প্ৰতিশ্ৰুতি।

  • ৰাজ্যখনৰ মহিলা জ্যেষ্ঠ নাগৰিকসকলক বিনামূলীয়া বাছ ভ্ৰমণৰ সেৱা প্ৰদান কৰা।

  • পৰৱৰ্তী ৫ বছৰত মহিলাসকলৰ বাবে ১ লাখতকৈও অধিক চৰকাৰী চাকৰি সৃষ্টি কৰা।

  • আৰক্ষী বাহিনীৰ আধুনিকীকৰণৰ বাবে ১০০০ কোটি টকাৰ অধিক ব্যয় কৰাৰ প্ৰতিশ্ৰুতি।