ৰাষ্ট্ৰীয়

দিল্লী-কামাখ্যামুখী নৰ্থ-ইষ্ট এক্সপ্ৰেছৰ লাইনচ্যুত : ৪ জন লোক নিহত,অৰ্ধশতাধিক আহত

Asomiya Pratidin

ডিজিটেল ডেস্ক : দেশত পুনৰ সংঘটিত হৈছে ৰে'ল দুৰ্ঘটনা। বিহাৰৰ ৰঘুনাথপুৰত বুধবাৰে নিশা প্ৰায় ৯-৩৫ বজাত গুৱাহাটী অভিমুখী নৰ্থ-ইষ্ট এক্সপ্ৰেছ নামৰ ৰে'লখন দুৰ্ঘটনাত পতিত হয়।

নৰ্থ-ইষ্ট এক্সপ্ৰেছৰ ৬টাকৈ ডবা লাইনচ্যুত হৈ দুৰ্ঘটনাত পতিত হয়। জানিব পৰামতে এই দুৰ্ঘটনাৰ ফলত ৪গৰাকী লোক নিহত হয়। বিপৰীতে শতাধিক লোক আহত হয়। অৱশ্যে এতিয়ালৈকে হতাহত সন্দৰ্ভত সঠিক তথ্য জানিব পৰা হোৱা নাই।

উল্লেখযোগ্য যে ৰে'লখনত অধিকাংশই অসমৰ যাত্ৰী থকা বুলি জানিব পৰা গৈছে। কামাখ্যা জংচনত ৫২২ গৰাকীকৈ যাত্ৰী নামিব লগা আছিল। নিশাই ঘটনাস্থলীলৈ ৰাওনা হৈছিল এখন উদ্বাৰকাৰী বিশেষ ৰে'ল। এই ৰে'লখন আজি বিয়লিভাগত কামাখ্যা জংচনত উপস্থিত হ'ব।

ইফালে ঘটনাস্থলীত চলি আছে উদ্ধাৰ অভিযান। ৰে'ল বিভাগে ইতিমধ্যে মুকলি কৰিছে সহায়ক নম্বৰ। নম্বৰ কেইটা হৈছে ৯৭৭১৪ ৪৯৯৭১,৮৯০৫৬ ৯৭৪৯৩। আনহাতে অসমৰ যাত্ৰীসকলৰ বাবেও বিশেষভাৱে মুকলি কৰা হৈছে সহায়ক নম্বৰ। নম্বৰটো হৈছে ০৩৬১ ২৬৭৪৮৫৭ এই নম্বৰযোগে যোগাযোগ কৰিব পাৰিব বুলি ৰে'ল বিভাগে জনাইছে।