ৰাষ্ট্ৰীয়

বিদ্যালয়লৈ গৈ থকাৰ অৱস্থাতে নাও দুৰ্ঘটনা, ১৮ জন নিৰুদ্দেশ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ এক ভয়ংকৰ নাও দুৰ্ঘটনাৰ পাছতেই নিৰুদ্দেশ হৈ আছে ১৮ টাকৈ শিশু। বৃহস্পতিবাৰে পুৱা বিহাৰৰ মুজাফ্ফৰপুৰ জিলাত এখন নাও দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পাছতেই ১৮ টা শিশু সন্ধানহীন হৈ আছে। প্ৰায় ৩৪ জন যাত্ৰী নাওখনত আছিল আৰু তেওঁলোক বিদ্যালয়লৈ গৈ আছিল।

মুখ্যমন্ত্ৰী নীতিশ কুমাৰে সাংবাদিকক কয় যে জিলা দণ্ডাধীশকে ধৰি জ্যেষ্ঠ জিলা বিষয়াসকলক দুৰ্ঘটনাস্থলীলৈ নিৰ্দেশ দিয়া হৈছে ।ইয়াৰোপৰি শিশু পৰিয়ালক সকলোধৰণৰ সহায় কৰিব বুলি তেওঁ কয়।

ইতিমধ্যে ১২ টা শিশুক উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে। এতিয়াও ঘটনাস্থলীত উদ্ধাৰ অভিযান অব্যাহত আছে।