বন্দে ভাৰত এক্সপ্ৰেছ মুকলি
বন্দে ভাৰত এক্সপ্ৰেছ মুকলি 
ৰাষ্ট্ৰীয়

মধ্যপ্ৰদেশৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ মুকলি প্ৰধানমন্ত্ৰী মোডীৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ । শনিবাৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাণী কমলাপতি ষ্টেচনত ভূপাল-নতুন দিল্লী ৰে'ল খনৰ শুভাৰম্ভ কৰে । এই খন হৈছে দেশৰ ১১ সংখ্যক খন বন্দে ভাৰত এক্সপ্ৰেছ । ৰেলখনে ৭.৪৫ ঘণ্টাত ৭০৮ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব ।

ৰেলখন উদ্ধোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় বন্দে ভাৰত এক্সপ্ৰেছ হৈছে দেশৰ উন্নয়নৰ উন্নয়ণৰ প্ৰতীক । লগতে তেওঁ কংগ্ৰেছক কটাক্ষ কৰি কয় যে পূৰ্বৰ চৰকাৰে এটা পৰিয়ালক হে অকল গুৰিত্ব দিছিল ।দেশৰ মধ্যবিত্তৰ প্ৰতি কোনো গুৰুত্ব দিয়া নাছিল । লগতে দেশৰ প্ৰধানমত্ৰীগৰাকীয়ে কয় ৰে’ল সেৱা হৈছে সাধাৰণ মানুহৰ বাবে ।

পূৰ্বৰ চৰকাৰ খনে আৱন্তন কৰা ৬০০ কোটি ৰে'ল বাজেটৰ বিপৰীতে ৰাজ্যখনৰ ৰে'লৱেৰ বাবে আৱণ্টন কৰা হৈছে ১৩,০০০ কোটি টকা বুলিও উদ্ধোধনী অনুষ্ঠানত মন্তব্য কৰি কংগ্ৰেছ চৰকাৰক সমালোচনা কৰে মোডীয়ে । লগতে তেওঁ কয় যোৱা ৯ বছৰে ভাৰতৰ ৰে’ল সেৱাক বিশ্বৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ কৰি তুলিবলৈ প্ৰয়াস কৰি থকা হৈছে । এই প্ৰচেষ্টাই দেশত নতুন নিযুক্তিৰ সুযোগ দিব বুলিও মন্তব্য কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।