ৰাষ্ট্ৰীয়

প্ৰতিবাদত মৃত্য়ু কৃষকৰ পৰিয়াললৈ পঞ্জাৱ চৰকাৰৰ ১ কোটি টকা আৰু চৰকাৰী চাকৰি

Asomiya Pratidin

ডিজিটেল ডেস্কঃ দিল্লী চলো যাত্ৰাৰ সময়ত মৃত্যু হোৱা পঞ্জাৱৰ কৃষকৰ পৰিয়াললৈ ১ কোটি টকাৰ আৰ্থিক সাহাৰ্য ভগৱত মান চৰকাৰৰ। ২১ ফেব্ৰুৱাৰীত মৃত্যু হৈছিল প্ৰতিবাদকাৰী কৃষক ২৪ বছৰীয়া শুভকৰণ সিঙৰ।

হাৰিয়ানাৰ খানৌৰী সীমান্তত চলি থকা প্ৰতিবাদৰ মাজত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হোৱা সংঘৰ্ষত প্ৰাণ গৈছিল শুভকৰণৰ। তাৰপাছতে কৃষকসকলে শুভকৰণৰ মৰণোত্তৰ পৰীক্ষা কৰিব দিয়া নাছিল আৰু চৰকাৰৰ পৰা আৰ্থিক সাহাৰ্য, চৰকাৰী চাকৰিৰ দাবী কৰিছিল।

ইয়াৰ মাজতে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱত মানে শুভকৰণৰ পৰিয়াললৈ ১ কোটি টকাৰ আৰ্থিক সাহাৰ্য আৰু ভগ্নীক চৰকাৰী চাকৰি দিয়াৰ ঘোষণা কৰে।

এক্সত পোষ্ট দি মানে কয় যে, "খানৌৰী সীমান্তত কৃষকৰ প্ৰতিবাদৰ সময়ত শ্বহীদ হোৱা শুভকৰণ সিঙৰ পৰিয়ালক পঞ্জাৱ চৰকাৰে ১ কোটি টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব আৰু তেওঁৰ সৰু ভগ্নীক চৰকাৰী চাকৰি প্ৰদান কৰিব। দোষীৰ বিৰুদ্ধে উপযুক্ত আইনী ব্যৱস্থা লোৱা হ'ব।

উল্লেখ্য যে, শুভকৰণক ছহীদ ঘোষণা কৰাৰো দাবী কৰিছিল কৃষকসকলে। ইয়াৰ বাবে দুদিন স্থগিত ৰাখিছিল দিল্লী চলো যাত্ৰা। আনকি কলা দিৱসো পালন কৰিছিল কৃষক সংগঠনে। মানৰ এই পোষ্টৰ পাছতেই শুভ কৰণৰ মৰণোত্তৰ পৰীক্ষা হোৱাৰ সম্ভাৱণা আছে।