সাংবাদিক হোৱাটো সহজ কথা নহয়, স্বীকাৰ কৰিলে কেটৰিনাই...
সাংবাদিক হোৱাটো সহজ কথা নহয়, স্বীকাৰ কৰিলে কেটৰিনাই... 
ৰাষ্ট্ৰীয়

সাংবাদিক হোৱাটো সহজ কথা নহয়, স্বীকাৰ কৰিলে কেটৰিনাই...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ সাংবাদিক হোৱাটো সহজ কথা নহয়। বলিউড অভিনেত্ৰী কেটৰিনা কাঈফে স্বীকাৰ কৰিছে এই কথা। বহুতেই সাংবাদিকতাক ভাতৰ লগত পানী খোৱাৰ দৰে কথা বুলি ভাবিবলৈ ধৰিছে যদিও সাংবাদিকতা প্ৰকৃততে ইমান সহজ নহয়।

বিভিন্ন চৰিত্ৰত অভিনয়ৰে ইতিমধ্যে দৰ্শকৰ হিয়াৰ আমঠু হৈ পৰা কেটৰিনাই সাংবাদিকৰ চৰিত্ৰ ৰূপায়ণ কৰিবলৈ যি কষ্ট কৰিবলগীয়া হৈছে সেই কষ্টৰ পিছতে তেওঁ নিজকে সাংবাদিক বুলি ভাবিবলৈ বাধ্য হৈও কয়, সাংবাদিক হোৱাটো ইমান সহজ কথা নহয়।

'জগ্গা জাছুছ' নামৰ চিনেমাখনত নিজৰ চৰিত্ৰ ৰূপায়ণৰ পূৰ্বে কেটৰিনাই নিজকে সাংবাদিকৰ ৰূপত প্ৰস্তুত কৰিবলৈ দেশৰ কেইবাজনো প্ৰখ্যাত অভিনেতাক সাক্ষাত কৰিছিল। তেওঁলোকৰ পৰা সাংবাদিকতাৰ শিক্ষা গ্ৰহণ কৰিছিল আৰু সাংবাদিকতাৰ বিভিন্ন নীতি-নিয়ম শিকিছিল। অৱশ্যে তাৰ পাছতো তেওঁ নিজকে সাংবাদিক প্ৰস্তুত কৰিব পৰা নাছিল।

কেটৰিনাই শেহতীয়াকৈ এই সম্পৰ্কে মন্তব্য কৰি কয় যে, 'জগ্গা জাছুছ' ছবিখনত এগৰকী সাংবাদিক হিচাপে অভিনয় কৰিবলৈ সুযোগ পাইছিল। এই চৰিত্ৰ ৰূপায়ণৰ বাবে তেওঁ বেছি সময় পোৱা নাছিল। সেয়ে কেতিয়াও অভিনয় কৰি নোপোৱা এই চৰিত্ৰ ৰূপায়ণৰ বাবে চিন্তিত হৈ পৰিছিল।

কেটৰিনাই সাংবাদিকৰ জীৱন সম্পৰ্কে জ্ঞান আহৰণ কৰিবলৈ ইউটিউবকে ধৰি বিভিন্ন অনলাইন প্লেটফৰ্মত ১০০ ঘণ্টাৰ ভিডিঅ' চাইছিল। তেওঁ কৈছে, সাংবাদিকসকলে কেনেদৰে ঘটনাবোৰ লিখে, কেনেদৰে সেইবোৰ উপস্থাপন কৰে, সেয়া  মই শিকিছোঁ। সাংবাদিকসকলৰ কেমেৰাৰ ফুটেজ লোৱা কথাবোৰ ভালদৰে লক্ষ্য কৰিছিলো৷ যিমান বোৰ চিনেমা, কাহিনীত সাংবাদিকৰ বিষয়ে কথা আছে মই সেইবোৰ চাইছিলো৷"

 উল্লেখ্য যে অনুৰাগ বসুৰ দ্বাৰা পৰিচালিত, 'জগ্গা জাছুছ' ১৪ জুলাই, ২০১৭ত মুক্তি লাভ কৰিছিল। ছবিখনৰ মুখ্য চৰিত্ৰত আছিল ৰণবীৰ কাপুৰ আৰু কেটৰিনা কাঈফ।