এতিয়াৰে পৰা বিদেশী অধিবক্তায়ো ওকালতি কৰিব পাৰিব ভাৰতত ...
এতিয়াৰে পৰা বিদেশী অধিবক্তায়ো ওকালতি কৰিব পাৰিব ভাৰতত ... 
ৰাষ্ট্ৰীয়

এতিয়াৰে পৰা বিদেশী অধিবক্তায়ো ওকালতি কৰিব পাৰিব ভাৰতত ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ এতিয়াৰে পৰা পৰা বিদেশী অধিবক্তাইও ওকালতি কৰিব পাৰিব ভাৰতত ৷ বুধবাৰে বাৰ কাউন্সিল অৱ ইণ্ডিয়া (বি চি আই) য়ে বিদেশী অধিবক্তা সকলৰ লগতে বিদেশী আইন প্ৰতিষ্ঠানসমূহক এই অনুমতি প্ৰদান কৰিছে ৷

বিদেশী আইনজ্ঞৰ লগতে বিদেশী প্ৰতিষ্ঠানসমূহৰ বাবে গ্ৰহণ কৰা হৈছে পদক্ষেপ ।এইলৈ বাৰ কাউন্সিল অৱ ইণ্ডিয়াৰ ২০২২ নিয়ম অনুসৰি শেহতীয়াকৈ এক জাননী জাৰি কৰিছে দেশৰ আইন সংস্থাটোৱে ৷

লগতে বাৰ কাউন্সিল অৱ ইণ্ডিয়াই জনাইছে যে এনে সিদ্ধান্তই আন্তঃৰাষ্ট্ৰীয় আইনী সমস্যা সমধানৰ ক্ষেত্ৰত দেশক সহায় কৰিব ৷ তদুপৰি ভাৰতৰ উপৰিও বিদেশৰ অধিবক্তাসকলক আইনৰ ক্ষেত্ৰত পাৰস্পৰিকভাবে সহায় কৰিব ৷ এনে পদক্ষেপে ভাৰতৰ আইনী বৃত্তিৰ পৰিসৰ বৃদ্ধিত সহায় কৰাৰ কথা উল্লেখ কৰিছে আইন সংস্থাটোৱে ৷