নিৰ্মাণৰ অৱস্থাতে খহিল উৰণীয়া সেতুঃ ৯ জন শ্ৰমিকৰ অৱস্থা সংকটজনক...
নিৰ্মাণৰ অৱস্থাতে খহিল উৰণীয়া সেতুঃ ৯ জন শ্ৰমিকৰ অৱস্থা সংকটজনক... 
ৰাষ্ট্ৰীয়

নিৰ্মাণৰ অৱস্থাতে খহিল উৰণীয়া সেতুঃ ৯ জন শ্ৰমিকৰ অৱস্থা সংকটজনক...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ নিৰ্মাণ কাৰ্যত সংঘটিত হোৱা দুৰ্নীতি আৰু নিম্নমানৰ কামত গাফিলতিৰ চৰম পৰিণতি।নিৰ্মাণৰত অৱস্থাতে খহি পৰিল উৰণীয়া সেতু। পুৱতি নিশা প্ৰায় ৩ বজাত সংঘটিত হোৱা এই ঘটনাত আহত হৈছে ৯ জনকৈ শ্ৰমিক।

আহত শ্ৰমিক কেইজনক ভৰ্তি কৰোৱা হৈছে হাস্পতালত। উল্লেখ্য যে, দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত এই শ্ৰমিকসকল উৰণীয়া সেতুখনৰ তলত শুই আছিল। আহত হোৱা এই শ্ৰমিকসকল বিহাৰ আৰু উত্তৰ প্ৰদেশৰ।

এই দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে উদ্ধাৰকাৰীয়ে ততাতৈয়াকৈ উদ্ধাৰ অভিযান চলায়। অতি তৎপৰতাৰে চলোৱা উদ্ধাৰ কাৰ্যৰ অন্তত আহত আটাইকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

ইফালে এই দুৰ্ঘটনাৰ পাছতে উৰণীয়া সেতুখনৰ নিৰ্মাণত হোৱা গাফিলতি আৰু কামৰ নমুনা পৰ্যবেক্ষণ কৰিবলৈ স্থানীয় বিধায়কৰ সৈতে সংশ্লিষ্ট কৰ্তৃপক্ষগৈ উপস্থিত হয়গৈ। তেওঁলোকে এই দুৰ্ঘটনাস্থলী পৰ্যবেক্ষণ কৰাৰ লগতে আহত শ্ৰমিকসকলৰ স্বাস্থ্যৰো বুজ লয়।

জানিব পৰা মতে আহত ৯ জন শ্ৰমিকৰ ভিতৰত ৪ জনৰে অৱস্থা সংকটজনক।ঘটনা সন্দৰ্ভত বিভাগীয় আৰু প্ৰশাসনীয় তদন্ত আৰম্ভ হৈছে। আৰক্ষী অধীক্ষক শ্ৰীধৰ ৰেড্ডীৰ ভাষ্য অনুসৰি উৰণীয়া সেতুখনৰ এটা খুঁটাৰ পৰা আন এটা খুঁটালৈ যিসমূহ শ্লেব স্থাপন কৰা হৈছিল সেইসমূহ স্থাপন কৰোঁতে অধিক ভাৰাসাম্য ৰক্ষা কৰাৰ বাবে যি সুৰক্ষামূলক ব্যৱস্থা ল’ব লাগিছিল সেইসমূহ লোৱা নাছিল। সেইবাবেই অত্যাধিক ভৰ সহিব নোৱাৰি খহি পৰে।

লগতে তেওঁ আহতসকলৰ ভিতৰত উত্তৰ প্ৰদেশৰ ৰোহিত নামৰ শ্ৰমিকজনৰ অৱস্থা অতি সংকটজনক বুলিও প্ৰকাশ কৰিছে। স্মৰ্তব্য যে, এই ঘটনা হায়দৰাবাদৰ সাগৰ ৰিং ৰোড চাৰিআলিত আজি পুৱতি নিশা প্ৰায় ৩-১০ বজাত সংঘটিত হৈছে।