ৰাষ্ট্ৰীয়

আজি মিজোৰাম-ছত্তিশগড়ত বিধানসভা নিৰ্বাচন

Asomiya Pratidin

ডিজিটেল ডেস্ক : আজি মিজোৰাম আৰু ছত্তিশগড়ত অনুষ্ঠিত হৈছে বিধানসভা নিৰ্বাচন। মিজোৰামৰ ৪০ খন আসনৰ বাবে ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হ'ব। ১৭৪জন প্ৰাৰ্থীৰ ভাগ্য বন্দী হ'ব ই ভি এমত।

ৰাজ্যখনত জ'ৰাম পিপ'লছ পাৰ্টীয়ে ৪০ আসনতে প্ৰাৰ্থীত্ব আগবঢ়োৱাৰ বিপৰীতে বিজেপিয়ে ২৩খন,আপে ৪খন আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। আনহাতে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে ২৭গৰাকী নিৰ্দলীয় প্ৰাৰ্থী। ১২৭৬ টা ভোটগ্ৰহণ কেন্দ্ৰত ৮লাখ ৫১হাজাৰ ৮শ ৯৫জন ভোটাৰে প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব।

ইফালে ছত্তিশগড়ত অনুষ্ঠিত কৰা হৈছে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। ৭০ খন আসনৰ ২০ খনত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ত নিৰ্বাচন। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৰাজ্যখনৰ ২২৩গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ভোটাৰে। ৫৩০৪টা ভোট কেন্দ্ৰত ৪০ লাখ ৭৮ হাজাৰ ৬শ ৬১ গৰাকী ভোটাৰে সাব্যস্ত কৰিব গণতান্ত্ৰিক অধিকাৰ। আনহাতে ৰাজ্যখনৰ ভোটগ্ৰহণৰ সময়ছোৱাত হেলিকপ্টাৰ আৰু দ্ৰোণেৰে পৰ্যবেক্ষণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।