ৰাষ্ট্ৰীয়

বিবাহ অনুষ্ঠানত মুখত বোমা লৈ নৃত্য কৰি আছিল সেনা জোৱান, বিস্ফোৰণ হৈ মৃত্যু

Asomiya Pratidin

ডিজিটেল ডেস্কঃ এখন বিয়াত নৃত্য কৰি থকাৰ সময়তে মৃত্যু হয় এগৰাকী সেনা জোৱানৰ। মধ্যপ্ৰদেশৰ ধাৰ জিলাত সংঘটিত হৈছে এই ঘটনা। জানিব পৰা মতে বিবাহ অনুষ্ঠানত সৈনিক গৰাকীয়ে মুখত এটা ৰকেট ৰাখি সেইটো জ্বলাই দিয়ে। পৰৱৰ্তী সময়ত সেইটো মুখতে বিস্ফোৰণ হৈ সেনা জোৱান গৰাকীৰ মৃত্যু হয়।

সেই তথ্যৰ ভিত্তিতে ইন্দোৰৰ এটা এফএছএল দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।এই ঘটনাৰ পাছতেই অঞ্চলটোত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰে। ৩৫ বছৰীয়া নিৰ্ভয় সিঙ ভাৰতীয় সেনাত কৰ্মৰত আছিল।

তেওঁ জম্মু-কাশ্মীৰত আছিল আৰু এমাহৰ ছুটী লৈ ২ এপ্ৰিলত ঘৰলৈ আহিছিল। ইয়াৰ মাজতে বিয়াৰ দিনা আতচবাজী চলোৱাৰ সময়ত এই ঘটনা সংঘটিত হয়।

পৰৱৰ্তী সময়ত ঘটনাৰ তদন্ত কৰে এফএছএলে । মৃতদহটোৰ মৰণোত্তৰ পৰীক্ষা হোৱাৰ পাছত পৰিয়ালৰ লোকক ঘূৰাই দিয়ে মৃতদেহ।