প্ৰথমে 'ছাছা' আৰু আজি 'উদয়' : এমাহতে দুই চিতাৰ মৃত্যু...
প্ৰথমে 'ছাছা' আৰু আজি 'উদয়' : এমাহতে দুই চিতাৰ মৃত্যু... 
ৰাষ্ট্ৰীয়

প্ৰথমে 'ছাছা' আৰু আজি 'উদয়' : এমাহতে দুই চিতাৰ মৃত্যু...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ মাত্ৰ এটা মাহৰ ভিতৰতে দুটাকৈ চিতাৰ মৃত্যু হোৱা ঘটনাই দেশৰ প্ৰকৃতি প্ৰেমিক শোকাহত কৰি তুলিছে। আজি মৃত্যু হোৱা চিতাটোক মাত্ৰ ২ মাহ পূৰ্বে কুনো ৰাষ্ট্ৰীয় উদ্যানত মেলি দিছিল।

উল্লেখ্য, দুমাহ পূৰ্বে দক্ষিণ আফ্ৰিকাৰ পৰা অনা হৈছিল ১২ টাকৈ চিতা। যাৰ ভিতৰত আছিল ৭ টা মতা আৰু ৫ টা মাইকী চিতা।

আজি ৰাষ্ট্ৰীয় উদ্যানখনত মৃত্যু হয় ইয়াৰে ৬ বছৰীয়া উদয় নামৰ চিতাটোৰ। দৈনিক স্বাস্থ্য পৰীক্ষাৰ সময়ত উদয় নামৰ এই চিতাটোক দুৰ্বল দেখিছিল যদিও ঠিকেই খোজ কাঢ়ি আছিল।

অৱশ্যে বন বিভাগে পুৱা ১১ বজাত উদয়ক ট্ৰেংকুলাইজ কৰি চিকিৎসা প্ৰদান কৰে। ইয়াৰ পাছত বিয়লি ৪ বজালৈ উদয়ৰ মৃত্যু হয়। অৱশ্যে কিয় উদয়ৰ মৃত্যু হ'লে সেই বিষয়ে এতিয়া জানিব পৰা হোৱা নাই।

ইয়াৰ পূৰ্বে নামিবিয়াৰ পৰা অনা ৫ বছৰীয়া ছাছা নামৰ আন এটা চিতাৰ মৃত্যু হৈছিল। ছাছাক বিগত বছৰত ৮ টা চিতাৰ সৈতে কুনো ৰাষ্ট্ৰীয় উদ্যানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেওঁৰ জন্মদিন উপলক্ষে মেলি দিছিল।