ৰাষ্ট্ৰীয়

দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ হিমন্ত বিশ্ব শৰ্মা-নেইফিউ ৰিঅৰ

Asomiya Pratidin

ডিজিটেল সংবাদ,বেকাজানঃ নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্তৰ নেতৃত্বত এন ডি পি পিৰ সদস্যৰে গঠিত দলটোৱে দেওবাৰে সন্ধিয়া দিল্লীত উপস্থিত হয়। দিল্লীত নতুন চৰকাৰ গঠন সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাক সাক্ষাৎ কৰে দলটোৱে।

নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ সময়ত তেওঁলোকৰ সমৰ্থনৰ বাবে নেইফিউ ৰিঅ’ই কৃতজ্ঞতা প্ৰকাশ কৰে। তেওঁ আৰু দুয়োকে ৭ মাৰ্চৰ শপত গ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনায়।

ইফালে, সূত্ৰ অনুসৰি অহা ৭ মাৰ্চত মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ৰ নেতৃত্বত এনডিপিপি-বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাই।