ৰাষ্ট্ৰীয়

ভাৰতত এমাজন-গুগলে কৰিব বৃহৎ বিনিয়োগ

Asomiya Pratidin

ডিজিটেল ডেস্ক : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আমেৰিকা ভ্ৰমণৰ পিচতে এমাজন,মাইক্ৰ'ছ্ফট,গুগল আদিয়ে ভাৰতত বৃহৎ বিনিয়োগ ঘোষণা কৰিছে। হোৱাইট হাউছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰে সাক্ষাতৰ পিচত এমাজনৰ প্ৰধান জেফ বেজছে ঘোষণা কৰিছে অহা ৭ বছৰত এমাজনে ভাৰতত অতিৰিক্ত ১৫ বিলিয়ন ডলাৰ বিনিয়োগ কৰিব।

আনহাতে গুগলৰ মুখ্য কাৰ্যবাহী সুন্দৰ পিছাইৰ ঘোষণা মতে ভাৰতৰ ডিজিটিজেচন ফাণ্ডত গুগলে ১০ বিলিয়ন ডলাৰ বিনিয়োগ কৰিব। গুজৰাটৰ গিফট চিটিত গুগলে স্থাপন কৰিব গ্ল'বেল ফিনটেক অপাৰেচন চেন্টাৰ।