ৰাষ্ট্ৰীয়

'পুষ্পা-২'ৰ বাবে কিমান পাৰিশ্ৰমিক ল'লে আল্লু অৰ্জুনে ?

Asomiya Pratidin

ডিজিটেল ডেস্ক: দক্ষিণৰ চুপাৰ ষ্টাৰ আল্লু অৰ্জুনৰ 'পুষ্পা' ছবিখনে দৰ্শকৰ সমাদৰ লাভ কৰাৰ পিছত, এইবাৰ পুনৰ 'পুষ্পা-২' লৈ ছবি জগতত ভুমুকি মাৰিব অভিনেতা গৰাকীয়ে। ইতিমধ্যই 'পুষ্পা-২' ছবিখনৰ পোষ্টাৰ মুকলি কৰিলে অভিনেতা জনে। 'পুষ্পা'ই খলকনি তোলাৰ পিছত 'পুষ্পা-২'ক লৈ আশাবাদী কলা-কৌশলী সকল।

পিছে ছবিখনৰ মুক্তিৰ পূৰ্বে চৰ্চা চলিছে কিমান পাৰিশ্ৰমিকৰ বিনিময়ত ছবিখনৰ বাবে চুক্তিবদ্ধ হৈছিল অভিনেতা আল্লু অৰ্জুন। এই চৰ্চাৰ পিছতেই অভিনেতা জন পৰিগণিত হৈছে দক্ষিণৰ আটাইতকৈ বেছি পাৰিশ্ৰমিক পোৱা অভিনেতা হিচাপে। 'পুষ্পা'ৰ খলকনিৰ পিছতেই দৰ বাঢ়িল অভিনেতা জনৰ।

২০২১ চনত মুক্তি লাভ কৰা 'পুষ্পা'ৰ বাবে আল্লু অৰ্জুনে লাভ কৰিছিল ৪০ কোটি টকাৰ পাৰিশ্ৰমিক। আৰু ইয়াৰ পিছত বৰ্তমান 'পুষ্পা-২'ৰ বাবে অভিনেতা জনে ১২৫ কোটি টকাৰ পাৰিশ্ৰমিকৰ বিনিময়ত অভিনয় কৰে। আনহাতে অভিনেতা জন বৰ্তমান ৩৬০ কোটি টকাৰ গৰাকী। যাৰ বাবে দক্ষিণাত্যৰ ধনীৰ তালিকাত লাহেকৈ খোপনি পোতাৰ পৰিলক্ষিত হয়।