বাজেট অধিৱেশনৰ পূৰ্বে প্ৰত্যাহাৰ ১৪৩ বিৰোধী সাংসদৰ নিলম্বনঃ এতিয়াও বিবেচনাধীন ৩ জনৰ বিষয়
বাজেট অধিৱেশনৰ পূৰ্বে প্ৰত্যাহাৰ ১৪৩ বিৰোধী সাংসদৰ নিলম্বনঃ এতিয়াও বিবেচনাধীন ৩ জনৰ বিষয় 
ৰাষ্ট্ৰীয়

বাজেট অধিৱেশনৰ পূৰ্বে প্ৰত্যাহাৰ ১৪৩ বিৰোধী সাংসদৰ নিলম্বনঃ এতিয়াও বিবেচনাধীন ৩ জনৰ বিষয়

Asomiya Pratidin

ডিজিটেল ডেস্কঃ সংসদৰ বাজেট অধিৱেশনৰ পূৰ্বে বিৰোধী সাংসদৰ নিলম্বন প্ৰত্যাহাৰ। ৰাজ্যসভাৰ ১১ জন আৰু লোকসভাৰ ৩ সাংসদৰ নিলম্বন প্ৰত্যাহাৰৰ সিদ্ধান্ত লোৱা হৈছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য, সংসদৰ শীতকালীন অধিৱেশনত নিলম্বন কৰা হৈছিল দুয়োখন সদনৰ মুঠ ১৪৬ জনকৈ বিৰোধী সাংসদক। তৃণমূল কংগ্ৰেছ, কংগ্ৰেছসহ সকলো বিৰোধী ৰাজনৈতিক দলৰ অধিকাংশ সাংসদকেই নিলম্বন কৰাক লৈ দেশ জুৰি সৃষ্টি হৈছিল চাঞ্চল্য। প্ৰশ্ন উত্থাপিত হৈছিল দেশৰ সংসদীয় ব্যৱস্থাক লৈ।

নিলম্বিত হোৱা ১৪৬ জন সাংসদৰ ভিতৰত ১৩২ জন সাংসদৰ নিলম্বন আছিল শীতকালীন অধিৱেশনৰ অন্তিম দিন পৰ্যন্ত। অবশিষ্ট ১৪ গৰাকী সাংসদৰ নিলম্বনৰ সিদ্ধান্ত আছিল সংসদৰ প্ৰিভিলেজ কমিটীৰ।

বুধবাৰৰ পৰা আৰম্ভ হ'ব সংসদৰ বাজেটন অধিৱেশন। এই অধিৱেশনেতেই নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰৰ বিত্তমন্ত্ৰীয়ে দাখিল কৰিব অন্তিমখন বাজেট। ইয়াকে কেন্দ্ৰ কৰি মঙ্গলবাৰে কেন্দ্ৰীয় চকৰকাৰে আহ্বান কৰিছিল সৰ্বদলীয় বৈঠক।

এই বৈঠকত ৩০ টা ৰাজনৈতিক দলৰ ৪৫ জনকৈ নেতা উপস্থিত থাকে। এই বৈঠকতে সংসদৰ সদস্যক নিলম্বন কৰা বিষয়টোক লৈ সৰৱ হয় বিৰোধী দলৰ নেতাসকল।

বৈঠকৰ অন্তত সংসদীয় মন্ত্ৰী প্ৰহ্লাদ পেটেলে জনায়, লোকসভাৰ বিৰোধী সাংসদৰ নিলম্বন প্ৰত্যাহাৰ কৰা হ'ব। ইয়াৰোপৰি ৰাজ্যসভাৰ ১১ জনকৈ সাংসদৰো নিলম্বন প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্তও লোৱাৰ কথা ঘোষণা কৰে। অৱশ্যে লোকসভাৰ ৩ গৰাকী সাংসদৰ নিলম্বনৰ বিষয়টো প্ৰিভিলেজ কমিটীৰ বিবেচনাধীন হৈ আছে।