ভাৰতীয় নাগৰিকত্ব লাভ কৰিলে অক্ষয় কুমাৰে...
ভাৰতীয় নাগৰিকত্ব লাভ কৰিলে অক্ষয় কুমাৰে... 
ৰাষ্ট্ৰীয়

ভাৰতীয় নাগৰিকত্ব লাভ কৰিলে অক্ষয় কুমাৰে...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অৱশেষত ভাৰতীয় হ'ল বলিউড অভিনেতা অক্ষয় কুমাৰ।কানাডাৰ নাগৰিক অক্ষয় কুমাৰে ইমান দিনে ভাৰতত ৱৰ্কিং ভিছাৰে বলিউডত কাম কৰি আহিছিল।

বিভিন্ন সময়ত গ্ৰহণ কৰা চৰম সুবিধাবাদী চৰিত্ৰৰ বাবে অক্ষয় কুমাৰ সমালোচিত হৈ অহাৰ লগতে তেওঁৰ কানাডাৰ নাগৰিকত্বৰ দিশটোও চৰ্চাত আছিল। তাৰ মাজতে এইবাৰ অক্ষয় কুমাৰে তেওঁৰ অনুৰাগীক দিলে ভাল খবৰ।

৭৭ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে অক্ষয় কুমাৰে টুইটাৰট ফটোসহ স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাই লিখিলে, হৃদয় আৰু নাগৰিকত্ব দুয়োটাই ভাৰতীয়। মন কৰিবলগীয়া যে, এইগৰাকী অভিনেতাই ২০১৯ তে ভাৰতীয় নাগৰিকত্বৰ বাবে আৱেদন কৰিছিল যদিও বিভিন্ন কাৰণত সেই নাগৰিকত্ব লাভ কৰা নাছিল।

অৱশেষত তেওঁক প্ৰদান কৰা হ’ল ভাৰতীয় নাগৰিকত্ব। ইয়াৰ লগে লগে তেওঁ ত্যাগ কৰিছে ইতিপূৰ্বে গ্ৰহণ কৰা কানাডাৰ নাগৰিকত্ব। যিহেতু ভাৰতত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা নাই সেয়ে তেওঁ কানাডাৰ নাগৰিকত্ব ত্যাগ কৰি ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰিছে।