এন চি পিত বিভাজনঃ প্ৰধানমন্ত্ৰী মোডীক কৃতিত্ব দিলে শাৰদ পাৱাৰে...
এন চি পিত বিভাজনঃ প্ৰধানমন্ত্ৰী মোডীক কৃতিত্ব দিলে শাৰদ পাৱাৰে... 
ৰাষ্ট্ৰীয়

এন চি পিত বিভাজনঃ প্ৰধানমন্ত্ৰী মোডীক কৃতিত্ব দিলে শাৰদ পাৱাৰে...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ পুনৰ মহাৰাষ্ট্ৰৰ ৰাজনীতিত নাটকীয় পৰিৱৰ্তন। এন চি পি এৰি বিজেপিত যোগদান কৰিলে শাৰদ পাৱাৰৰ ভতিজা অজিত পাৱাৰে। পূৰ্বৰে পৰা বিজেপিৰ সৈতে সু-সম্পৰ্ক ৰক্ষা কৰি অহা অজিত পাৱাৰে শনিবাৰে কেইবাজনো তেওঁৰ অনুগত বিধায়কক লগত লৈ বিজেপিত যোগদান কৰে।

কেৱল সেয়াই নহয় বিজেপিত যোগদান কৰাৰ পাছতে ৰাজভৱনলৈ গৈ ৰাজ্যপালৰ সন্মুখত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী হিচাপেও শপত গ্ৰহণ কৰে। তেওঁৰ সৈতে বিজেপিত চামিল হোৱা ৮ গৰাকী এন চি পি বিধায়কে মহাৰাষ্ট্ৰ চৰকাৰত মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে।

ইফালে উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পাছতে অজিত পাৱাৰে দাবী কৰে এন চি পিৰ মুঠ ৫৩ জন বিধায়কৰ ভিতৰত ৪৩ গৰাকীৰে সমৰ্থন তেওঁৰ লগত আছে। ইফালে বিজেপিত যোগদান কৰাৰ পূৰ্বে অজিত পাৱাৰৰ বাসগৃহত এক বৈঠকো অনুষ্ঠিত হৈছিল। এই বৈঠকত শাৰদ পাৱাৰৰ কেইবাজনো বিশ্বাসভাজন নেতাই অংশগ্ৰহণ কৰাৰ লগতে শাৰদ পাৱাৰৰ জীয়ৰী সুপ্ৰিয়া সুলেও অংশগ্ৰহণ কৰিছিল।

অজিত পাৱাৰে তেওঁৰ অনুগত বিধায়কক লৈ বিজেপিত যোগদান কৰাৰ পাছতে শাৰৱ পাৱাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এক সংবাদ মেল সম্বোধন কৰি শাৰদ পাৱাৰে কয়, যিসকলে দলীয় নিয়ম উলংঘা কৰিছে আৰু একনাথ সিন্দে চৰকাৰত যোগদান কৰিছে তেওঁলোকৰ বিৰুদ্ধে সিদ্ধান্ত লোৱা হ’ব।

শাৰদ পাৱাৰে সংবাদমেলত কয় যে, তেওঁক কোনোবাই এৰি গৈছে বুলি তেওঁ চিন্তিত নহয়। শাৰদ পাৱাৰ তেওঁলোকৰ ভৱিষ্যতক লৈহে চিন্তিত আছিল বুলি কয়। তেওঁ কয়, মই কেতিয়াও নকওঁ যে, মোৰ ঘৰৰ বিভাজন হৈছে। এয়া মোৰ ঘৰৰ সমস্যা নহয়। এয়া ৰাইজৰ সমস্যা।

মই ইয়াৰ কৃতিত্ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দিব বিচাৰো৷ স্মৰ্তব্য যে, তিনিদিন পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এন চি পিক এটা শেষ হৈ যোৱা দল বুলি উল্লেখ কৰিছিল। এন চি পিৰ বিৰুদ্ধে জলসিঞ্চনৰ দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰে।

ইফালে এন চি পি এৰি এইদৰে দলটোৰ একাংশই বিজেপিত চামিল হোৱাৰ পাছতে ঐক্যবদ্ধ বিৰোধীৰ অংশীদাৰ হৈ পৰা কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ আৰু অন্যান্য দলে শাৰদ পাৱাৰৰ পৰা সমগ্ৰ পৰিস্থিতিৰ বুজ লয়। মল্লিকাৰ্জুন খাৰ্গে, মমতা বেনাৰ্জী আদি নেতাই তেওঁক ফোন কৰা বুলি উল্লেখ কৰি কয়, এই সকলো কথা সামৰি ৩ জুলাইত এক ৰাজহুৱা সভা সম্বোধন কৰিব।