ৰাষ্ট্ৰীয়

'ডিউটি শেষ'- গন্তব্য স্থান পোৱাৰ আগতে বিমান অৱতৰণ পাইলটৰ, যাত্ৰী আহিব লগা হ'ল বাছেৰে

Asomiya Pratidin

ডিজিটেল ডেস্কঃ লণ্ডনৰ পৰা দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়া বিমানৰ পাইলটে বেয়া বতৰৰ বাবে জয়পুৰ বিমানবন্দৰত জৰুৰী অৱতৰণ কৰে আৰু তাৰপাছতে উভতি আহিবলৈ অস্বীকাৰ কৰে। যাৰ বাবে প্ৰায় ৩৫০ গৰাকী যাত্ৰীয়ে ৬ ঘন্টাতকৈ অধিক সময় অপেক্ষা কৰি বিকল্প ব্যৱস্থা গ্ৰহণ কৰিব লগা হয়।

এআই-১১২ বিমানখন দেওবাৰে পুৱা ৪ বজাত দিল্লীত উপস্থিত হোৱাৰ কথা আছিল । কিন্তু বেয়া বতৰৰ বাবে বিমানখন জয়পুৰত অৱতৰণ কৰে। পৰৱৰ্তী সময়ত বিমানখনে যাত্ৰা পুনৰ আৰম্ভ কৰাৰ অনুমতি লাভ কৰিছিল যদিও পাইলটসকলে 'আমাৰ কৰ্তব্যৰ সময় শেষ হৈছে' বুলি কৈ উৰা মাৰিবলৈ অস্বীকাৰ কৰিছিল।

এই ঘটনা সন্দৰ্ভত এজনলোকে টুইট কৰিছিল। এই টুইটৰ ৰিপ্লাই দি এয়াৰ ইণ্ডিয়াই প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে তেওঁলোকে যাত্ৰীসকলৰ অসুবিধা হ্ৰাস কৰিবলৈ সকলো চেষ্টা কৰি আছে।

কিন্তু যাত্ৰীসকলৰ কোনোধৰণৰ সহায় কৰিব নোৱাৰিলে বিমান বন্দৰ কৰ্তৃপক্ষই। যাৰ বাবে ৬ ঘন্টা ধৰি অপেক্ষা কৰাৰ পাছত বাছ বা কেবেৰে যাত্ৰী সকল গন্তব্য স্থানলৈ ৰাওনা হয়।