ৰাষ্ট্ৰীয়

বিজেপিৰ প্ৰাৰ্থী হ'ব অভিনেত্ৰী কংগনা ৰাণাৱট !

Asomiya Pratidin

ডিজিটেল ডেস্ক : অভিনেত্ৰী গুচি নেত্ৰী হোৱাৰ দিশে অগ্ৰসৰ হৈছে জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰাণাৱট। অভিনয়ৰ লগতে ৰাজনীতিৰ ক্ষেত্ৰতো খোজ দিব কংগনাই।

বিভিন্ন সময়ত হোৱা ৰাজনীতিৰ আলোচনাত প্ৰায়ে চৰ্চা লাভ কৰে অভিনেত্ৰীগৰাকীৰ প্ৰসংগই। তেওঁ কৰা বিভিন্ন মন্তব্য চৰ্চা লাভ কৰে সামাজিক মাধ্যমত। বিজেপিৰে আছে তেওঁৰ সু-সম্পৰ্ক ! সেয়ে বিজেপিৰ এক উচ্চস্তৰে তেওঁক নিৰ্বাচনত প্ৰক্ষেপ কৰাৰ চিন্তা-চৰ্চা কৰি আছে।

অহা বছৰৰ লোকসভা নিৰ্বাচনত চণ্ডীগড়ৰ পৰা বিজেপিৰ টিকটত নিৰ্বাচন খেলাৰ সম্ভাৱনা আছে কংগনাৰ। দলটোৰ এক উচ্চস্তৰীয় সূত্ৰই সদৰী কৰামতে চণ্ডীগড়ত এইবাৰো বাহিৰৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ চিন্তা কৰিছে। বৰ্তমান চণ্ডীগড় সমষ্টিৰ সাংসদ হ'ল কিৰণ খেৰ। ইতিমধ্যে চণ্ডীগড়ত বাসগৃহও ক্ৰয় কৰিছে কংগনা ৰাণাৱটে। বলিউডৰ ঠিকনাই দিলে অভিনেত্ৰীৰ পৰিচয়। এতিয়া সময়েহে নিৰ্ধাৰণ কৰিব কংগনাৰ ভাগ্য !