সহসেনা জোৱানে চলাাইছিল যৌন নিৰ্যাতনঃ সেয়ে গুলীয়াই হত্যা কৰিলে ৪ জনক...
সহসেনা জোৱানে চলাাইছিল যৌন নিৰ্যাতনঃ সেয়ে গুলীয়াই হত্যা কৰিলে ৪ জনক...  
ৰাষ্ট্ৰীয়

সহসেনা জোৱানে চলাাইছিল যৌন নিৰ্যাতনঃ সেয়ে গুলীয়াই হত্যা কৰিলে ৪ জনক...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ পাঞ্জাৱৰ ভাতিন্দাৰ সেনা শিবিৰত ৪ জনকৈ সেনা জোৱান দুৰ্বৃত্তৰ গুলীত নিহত হোৱা ঘটনাৰ প্ৰকৃত তথ্য পোহৰলৈ আহিছে। সহকৰ্মীক যৌন নিৰ্যাতন চলোৱাৰ লগতে বলপূৰ্বক শাৰীৰিক সম্পৰ্ক গঢ়িবলৈ চেষ্টা কৰাৰ বাবেই তেওঁলোকক গুলীয়াই হত্যা কৰা হৈছিল।

উল্লেখ্য যে, সোমবাৰে এই ঘটনাৰ তদন্তৰ সময়ত এজন জোৱানক আটক কৰা হৈছিল। এই জোৱানজনে তদন্তকাৰী বিষয়াৰ আগত সমগ্ৰ ঘটনাৰ বিষয়ে সদৰী কৰিছে।

প্ৰথমে এই হত্যকাণ্ডৰ কাৰণ হিচাপে ব্যক্তিগত আক্ৰোশ বুলি দাবী কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত ইয়াৰ প্ৰকৃত কাৰণ পোহৰলৈ আহিছে। পাঞ্জাৱ আৰক্ষীয়ে সোমবাৰে গ্ৰেপ্তাৰ কৰা অভিযুক্ত সেনা জোৱান দেশাই মোহনে এই হত্যাকাৰণ্ডৰ দায়িত্ব স্বীকাৰ কৰিছে।

প্ৰথমে দেশাই মোহনে এই হত্যাকাণ্ডক দুৰ্বৃত্তৰ আক্ৰমণৰ কাহিনীৰ ৰূপ দিবলৈ চেষ্টা কৰিছিল যদিও পৰৱৰ্তী সময়ত তেওঁ আৰক্ষীৰ আগত নিজৰ দোষ স্বীকাৰ কৰিছে। আৰক্ষীৰ জেৰাত তেওঁ উল্লেখ কৰা অনুসৰি নিহত ৪ জোৱানে তেওঁৰ ওপৰত যৌন আতিশয্য চলাইছিল।

কেৱল সেয়াই নহয়, তেওঁলোকে অভিযুক্ত জোৱানৰ ওপৰত বলপূৰ্বক ভাৱে শাৰীৰিক সম্পৰ্কও স্থাপন কৰিছিল।সেয়ে তেওঁ এই চাৰি জোৱানক গুলীয়াই হত্যা কৰিলে।