অট্টালিকা খহি ৪ শ্ৰমিকৰ মৃত্যুঃ ধ্বংস্তূপত এতিয়াও আৱদ্ধ বহুজন...
অট্টালিকা খহি ৪ শ্ৰমিকৰ মৃত্যুঃ ধ্বংস্তূপত এতিয়াও আৱদ্ধ বহুজন... 
ৰাষ্ট্ৰীয়

অট্টালিকা খহি ৪ শ্ৰমিকৰ মৃত্যুঃ ধ্বংস্তূপত এতিয়াও আৱদ্ধ বহুজন...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ হাৰিয়ানাৰ কৰ্ণালত আজি পুৱতি  নিশা ৩-৩০ বজাত এটা চাউলৰ মিল খহি পৰাৰ ফলত এই পৰ্যন্ত ৪ জন শ্ৰমিকৰ মৃত্যু হৈছে। আনহাতে ২০ ৰ পৰা ২৫ জন শ্ৰমিক এতিয়াও ধ্বংস্তূপৰ মাজত আৱদ্ধ হৈ আছে।

ঘটনা সংঘটিত হোৱাৰ লগে লগে ১২০ জনতকৈ অধিক শ্ৰমিকে খিৰিকীৰ জপিয়াই প্ৰাণ ৰক্ষা কৰে। শিৱ শক্তি ৰাইচ মিল নামৰ এই চাউল কলটোৰ অট্টালিকাত প্ৰায় ২০০ শ্ৰমিকে বাস কৰে।

ইয়াৰে কিছু অংশ শ্ৰমিক নিশাৰ ভাগত কামলৈ গৈছিল। বাকীসকল অট্টালিকোটোতে আছিল। ঘটনা সংঘটিত হোৱাৰ পাছতে এন ডি আৰ এফ আৰু আৰক্ষীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰে।

প্ৰথামিক অনুসন্ধানত জানিব পৰা মতে নিহত শ্ৰমিক কেইজন বিহাৰৰ বাসিন্দা। শ্ৰমিকসকলে আগবঢ়োৱা ভাষ্য অনুসৰি সকলো শুই থকাৰ অৱস্থাতে কোনো কাৰণ নোহোৱাকৈ অট্টালিকাটোৰ এটা অংশ খহি পৰে।

দিনত অট্টালিকাটোত কাম কৰাৰ বাবে সকলোৱে ভাগৰত নিশা গভীৰ নিদ্ৰাত মগ্ন আছিল। কিন্তু হঠাৎ বোমা বিস্ফোৰণৰ দৰে এটা বৃহৎ শব্দ হোৱাত তেওঁলোকৰ টোপনি ভাঙে। তেতিয়াই তেওঁলোকে অট্টালিকাটোৰ এটা অংশ খহি পৰা দেখিবলৈ পায়।