নিৰ্বাচনৰ পূৰ্বে আপৰ বিধায়কক টিকট বিক্ৰীৰ অভিযোগত প্ৰহাৰ...
নিৰ্বাচনৰ পূৰ্বে আপৰ বিধায়কক টিকট বিক্ৰীৰ অভিযোগত প্ৰহাৰ... 
ৰাষ্ট্ৰীয়

নিৰ্বাচনৰ পূৰ্বে আপৰ বিধায়কক টিকট বিক্ৰীৰ অভিযোগত প্ৰহাৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ পুনৰ এক জনপ্ৰতিনিধিয়ে নিজ দলীয় কৰ্মীৰ হাততে প্ৰহৃত হবলগীয়া হ'ল। আম আদমী পাৰ্টীৰ মাটিয়ালৰ বিধায়ক গুলাব সিং যাদৱক মাৰপিট কৰাৰ এক ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

জানিব পৰা মতে বিধায়কগৰাকীয়ে এখন দলীয় সভাত অংশগ্ৰহণ কৰাৰ সময়তে কোনো এক কথাত বিবাদৰ সূত্ৰপাত হোৱাত দলীয় কৰ্মীয়ে বিধায়কগৰাকীক প্ৰহাৰ কৰে। এই বৈঠকখন অনুষ্ঠিত হৈছিল নিশা ৮ বজাত শ্যাম বিহাৰত।

ইতিমধ্যে ভাইৰেল হৈ পৰা ভিডিঅ'টো বিধায়কজনে দলীয় কৰ্মীৰ প্ৰহাৰত সভাস্থলী এৰি পলাই যোৱা দেখা গৈছে আৰু আন একাংশই তেওঁক খেদি গৈছে। ইফালে এই ঘটনা ভাইৰেল হৈ যোৱাৰ পিছতে বিজিপে আপৰ বিৰুদ্ধে টিকট বিক্ৰী কৰাৰ অভিযোগ উত্থাপন কৰিছে।

দিল্লী বিজেপিয়ে এই ভিডিঅ' টুইটাৰত শ্বেয়াৰ কৰি উল্লেখ কৰিছে যে, আপৰ বিধায়কক প্ৰহাৰ কৰা হৈছে! আম আদমী পাৰ্টিৰ বিধায়ক গুলাব সিং যাদৱক টিকট বিক্ৰী কৰাৰ অভিযোগত আপ কৰ্মীয়ে প্ৰহাৰ কৰিছে। কেজৰিৱালজী, এনেদৰে, আপৰ সকলো দুৰ্নীতিগ্ৰস্ত বিধায়কৰ সংখ্যা আহিব।