ৰাষ্ট্ৰীয়

ৰেলিং ভাগি বাগৰি পৰিল যাত্ৰীবাহী বাছ

Asomiya Pratidin

ডিজিটেল ডেস্ক : দিল্লীৰ এক্সপ্ৰেছ হাইৱেত সংঘটিত এক ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। কথমপি অৰ্ধশতাধিক যাত্ৰীৰ প্ৰাণ ৰক্ষা পৰে।

জানিব পৰা মতে, এখন বাছে অৰ্ধশতাধিক যাত্ৰী কঢ়িয়াই দিল্লীৰ পৰা গন্তব্যস্থললৈ গৈ আছিল। এনে অৱস্থাত হঠাতে বাছ চালকজন হৃদৰোগ ৰোগত আক্ৰান্ত হয়।

ফলত বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ পৰা ৰেলিং ভাগি প্ৰায় ২০ ফুট দ' খাৱৈ এটাত বাগৰি পৰে। বাগৰি পৰাৰ ফলত ২০ গৰাকী যাত্ৰী গুৰুতৰভাৱে আহত হয়।

আনহাতে বাকী সকল যাত্ৰী সামান্য পৰিমাণে আঘাত পায়। উল্লেখ্য যে, দিল্লীৰ মিৰাটৰ ওচৰত সংঘটিত এই দুৰ্ঘটনাৰ কিদংশ দৃশ্যাৱলী প্ৰত্যক্ষদৰ্শীৰ কেমেৰাত বন্দী হৈছে।