ৰাষ্ট্ৰীয়

শাসনাধিষ্ঠ চৰকাৰে ক্ষমতাৰ অপব্যৱহাৰ কৰাৰ অভিযোগ, প্ৰধানমন্ত্ৰীলৈ চিঠি ৮ দলৰ

Asomiya Pratidin

ডিজিটেল ডেস্ক : দিল্লীৰ শিক্ষামন্ত্ৰী তথা আম আদমি পাৰ্টীৰ জ্যেষ্ঠ নেতা মনীষ চিচোদিয়াৰ গ্ৰেপ্তাৰে সমগ্ৰ দেশতেই খলকনি তুলিছিল । এখন ৰাজ্যৰ শিক্ষামন্ত্ৰীক গ্ৰেপ্তাৰ কৰাটো সাধাৰণ কথা নহয় ভাৰতত । তাৰ পাছতেই শাসনাধিষ্ঠ চৰকাৰে ক্ষমতাৰ অপব্যৱহাৰ কৰি কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ ব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপন কৰিছিল বহু দলে ।

দল সমূহৰ মতে ভাৰতীয় জনতা পাৰ্টীয়ে কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাক ক্ষমতা প্ৰয়োগেৰে বাধ্য কৰাইছিল মনীষ চিচোদিয়াক গ্ৰেপ্তাৰ কৰিবলৈ । দেশৰ মুঠ ৮ টা মুখ্য দলে ৰবিবাৰে সাক্ষৰ কৰা এখনি পত্ৰ প্ৰেৰণ কৰা হয় প্ৰধানমন্ত্ৰীলৈ । যাৰ ভিতৰত আছে তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও, পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, পাঞ্জাৱৰ মুখ্যমন্ত্ৰী ভাগৱত মন আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱাল ।

আমোদজনকভাৱে এই তালিকাত নাই কংগ্ৰেছ । যিটো দলে সঘনাই বিজেপিয়ে ক্ষমতাৰ অপব্যৱহাৰ কৰাৰ কথা হয়, সেই দলটোৱেই প্ৰধানমন্ত্ৰীলৈ অভিযোগ উত্থাপন কৰি চিঠি নিদিয়াত প্ৰশ্ন উত্থাপন হৈছে । আনহাতে, চিঠিখনত স্বাক্ষৰ কৰা আন মুখ্য নেতাসকল হ'ল, ওমৰ ফাৰুক আব্দুল্লা, শৰদ পাৱাৰ, উদ্ধৱ থাকৰে, অখিলেশ যাদৱ আৰু তেজস্বী যাদৱ ।

উল্লেখ্য যে, অবৈধ ধনৰ সৰবৰাহৰ অভিযোগত বিগত বৰ্ষত বলবৎকাৰী সঞ্চালকালয়ে অনুসন্ধান কৰিছিল ৰাহুল গান্ধী আৰু মাতৃ ছোনিয়া গান্ধীৰ বিৰুদ্ধে । তেতিয়াৰে পৰাই শাসনাধিষ্ঠ চৰকাৰে ক্ষমতাৰ অপব্যৱহাৰ কৰা বুলি সৰৱ হৈ পৰিছিল কংগ্ৰেছী নেতাসকল । কিন্তু বৰ্তমান চিঠিখনত স্বাক্ষৰ নাই কংগ্ৰেছৰ । তেনেস্থলত সেই সময়ৰ অভিযোগ মিছা আছিল নে বৰ্তমান নতুন এক বিপদ চপাই আনিব খোজা নাই দলটোৱে ?