শস্যৰ ভৰত মৃত্যু হ'ল ৭ জনকৈ প্ৰবজিত শ্ৰমিক...
শস্যৰ ভৰত মৃত্যু হ'ল ৭ জনকৈ প্ৰবজিত শ্ৰমিক... 
ৰাষ্ট্ৰীয়

শস্যৰ ভৰত মৃত্যু হ'ল ৭ জনকৈ প্ৰবজিত শ্ৰমিক...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ শস্যৰ বস্তাৰ তলত আবদ্ধ ১০ শ্ৰমিক। কৰ্ণাটকত সোমবাৰে নিশা এটা ৱেৰ হাউচত কৰ্মৰত হৈ থকাৰ অৱস্থাতে পৰ্বতসম মাকৈ ভৰ্তি বস্তা খহি পৰাত সেই বস্তাৰ তলতে আৱদ্ধ হৈ পৰে এই শ্ৰমিকসকল। ইয়াৰ পাছতে উদ্ধাৰকাৰীয়ে তেওঁলোকক উদ্ধাৰৰ চেষ্টা চলায়।

কিদৰে ঘটিছিল এই ঘটনা

ঘটনাৰ বিৱৰণ অনুসৰি সোমবাৰে নিশা কৰ্ণাটকৰ বিজয়পুৰৰ আলিয়াবাদৰ এটা ৱেৰহাউচত মাকৈ পেকিং কৰাৰ কামত ব্যস্ত আছিল প্ৰায় ৫০ জন শ্ৰমিক। তাৰ কাষতেই শাৰী শাৰীকৈ ৰখা হৈছিল মাকৈ ভৰ্তি বস্তা।

ইয়াৰে এটা শাৰীত প্ৰায় ১২০ টনকৈ মাকৈ ৰখা হৈছিল। এনে ৪ টা বস্তাৰ শাৰী হঠাৎ খহি পৰে। হঠাৎ সংঘটিত হোৱা এই ঘটনাত মাকৈৰ বস্তাসমূহৰ তলত আৱদ্ধ হৈ পৰে ১০ জনকৈ শ্ৰমিক। ইয়াৰ পাছতে উদ্ধাৰকাৰীয়ে তাৎক্ষণিকভাৱে উদ্ধাৰকাৰ্য চলাই যদিও প্ৰথম ৩ জন শ্ৰমিককহে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। তেওঁলোকক কাষৰ চৰকাৰী হাস্পতালত ভৰ্তি কৰোৱা হয়। পৰৱৰ্তী সময়ত বাকী শ্ৰমিকসকলকো উদ্ধাৰ কৰা হয় যদিও ৭ জনকৈ শ্ৰমিকে মাকৈৰ বস্তাৰ হেঁচাত প্ৰাণ হেৰুৱাইছে।

নিহত শ্ৰমিকসকল আছিল প্ৰবজিত শ্ৰমিক

এই কৰুণ ঘটনাত নিহত হোৱা আটাইকেইজন শ্ৰমিকেই বিহাৰৰ বুলি জানিব পৰা গৈছে। তেওঁলোকে কৰ্ণাটকৰ এই ৱেৰহাউচটোত দীৰ্ঘদিন ধৰি নিয়োজিত হৈ আছিল। নিহত শ্ৰমিকসকল ক্ৰমে ৰাজেশ মুখীয়া (২৫), ৰামৰেজ মুখীয়া (২৯), শম্ভু মুখীয়া (২৬), ৰাম বালক (৫২), ধুৰালচান্দ মুখীয়া (৪৬), লাকু যাৱদ (৪৫) আৰু কৃষ্ণা। এই আটাইকেইজন শ্ৰমিকৰ ঘৰ বিহাৰৰ ছামছাতিপুৰ জিলাত।

আনহাতে ঘটনাত আহত হৈ চিকিৎসাধীন হৈ আছে ৩ জন শ্ৰমিক। এই তিনিওজন শ্ৰমিকৰো অৱস্থা জটিল যদিও ।

ৱেৰহাউচৰ গৰাকীৰ বিৰুদ্ধে উঠিছে গুৰুত্বৰ অভিযোগ

সোমবাৰে নিশা সংঘটিত হোৱাৰ এই ঘটনাৰ পাছতে ৱেৰ হাউচটোত কৰ্মৰত হৈ থকা শ্ৰমিকসকলে গৰাকীৰ বিৰুদ্ধে প্ৰতিবাদত নামি পৰিছে। তেওঁলোকে ১০ জন শ্ৰমিকৰ ন্যায় বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে পূৰ্বেও সংঘটিত হোৱা অনুৰূপ ঘটনাৰ কথা সোঁৱৰিছে।

পূৰ্বেও ইয়াত এনে ধৰণৰ ঘটনা সংঘটিত হৈছিল যদিও গৰাকীয়ে তেওঁ কোনো সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰা নাছিল। পূৰ্বে ইয়াত এনে ঘটনাত ২ জন শ্ৰমিকৰ মৃত্যু হৈছিল।

আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত

ঘটনা সন্দৰ্ভত বিজয়পুৰৰ আৰক্ষী অধীক্ষক ঋষিকেশ ভাগ সোণাৱনে সংবাদ মাধ্যমৰ আগত কয়, বিজয়পুুৰ চহৰৰ ঔদ্যোগিক এলেকাত অৱস্থিত ৰাজগুৰু ফুড লিমিটেডৰ গুডামত এই শোকাৱহ ঘটনা সংঘটিত হৈছে।

তেওঁ কয়, এক অভিযোগৰ ভিত্তিত ৱেৰহাউচৰ স্বত্বাধিকাৰী আৰু ছুপাৰভাইজাৰৰ বিৰুদ্ধে আই পি চিৰ ধাৰা ৩০৪ ৰ অধীনত অপৰাধমূলক হত্যাকাণ্ডৰ গোচৰ ৰুজু কৰা হৈছে। ইয়াৰোপৰি তেওঁ ঘটনা সন্দৰ্ভত অধিক তদন্ত অব্যাহত আছে বুলিও দোহাৰে।