অবিজেপি শাসিত ছত্তিশগড়ত ২ হাজাৰ কোটিৰ সুৰা কেলেংকাৰীৰ দাবী ED ৰ...
অবিজেপি শাসিত ছত্তিশগড়ত ২ হাজাৰ কোটিৰ সুৰা কেলেংকাৰীৰ দাবী ED ৰ... 
ৰাষ্ট্ৰীয়

অবিজেপি শাসিত ছত্তিশগড়ত ২ হাজাৰ কোটিৰ সুৰা কেলেংকাৰীৰ দাবী ED ৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ দিল্লী চৰকাৰৰ সুৰা কেলেংকাৰীক লৈ দেশৰ ৰাজনীতি গৰম হৈ থকাৰ মাজতে এইবাৰ আন এখন অবিজেপি শাসিত ৰাজ্যত সংঘটিত হৈছে আন এক বৃহৎ সুৰা কেলেংকাৰী ! এই কেলেংকাৰী দাবী উত্থাপন কৰিছে আকৌ দিল্লীৰ সুৰা কেলেংকাৰীক লৈ বিমোৰত পৰা ইডিয়ে।

দিল্লীৰ সুৰা কেলেংকাৰীৰ প্ৰমাণ এতিয়াও দাখিল কৰিবলৈ সক্ষম হোৱা নাই ই ডিয়ে। আনহাতে সুৰা কেলেংকাৰীৰ চাৰ্জশ্বিটত আপৰ সাংসদ সঞ্জয় সিঙৰ নাম সন্নিৱিষ্ট কৰিও পৰৱৰ্তী সময়ত সঞ্জয় সিঙৰ হুংকাৰত চাৰ্জশ্বিটৰ পৰা নাম প্ৰত্যাহাৰ কৰি ক্ষমা বিচাৰিবলৈ বাধ্য হোৱা ইডিৰ দাবী ছত্তিশগড়ত সংঘটিত হৈছে ২ হাজাৰ কোটি টকাৰ সুৰা কেলেংকাৰী।

এই কেলেংকাৰীৰ সৈতে নাম জড়িত হৈ পৰিছে এগৰাকী কংগ্ৰেছ নেতাৰ ভাতৃ আনোৱাৰ ধেবাৰ। তেওঁৰ লগত জড়িত হৈ আছে এজন আই এ এছ বিষয়াও।  ইতিমধ্যে ইডিয়ে গ্ৰেপ্তাৰ কৰিছে কংগ্ৰেছ নেতাৰ ভাতৃ তথা সুৰা ব্যৱসায়ী আনোৱাৰ ধেবাক।

ইডিৰ ফালৰ পৰা এই সন্দৰ্ভত কোৱা হৈছে যে, ২০১৯ ৰ চনৰ পৰা ২০২২ চনলৈ ছত্তিশগড়ত বেআইনী ভাৱে ৪০ শতাংশ সুৰা বিক্ৰী কৰা হৈছে। চৰকাৰী তালিকাভুক্ত সুৰা বিক্ৰী হলেও তাৰ আয় চৰকাৰী কোষাগাৰৰ জমা হোৱা নাই।

সকলো মিলি প্ৰায় ২ হাজাৰ কোটি টকাৰ দুৰ্নীতি হৈছে। এই সমগ্ৰ দুৰ্নীতিৰ ধন  নিৰ্বাচনত ব্যয় হোৱাৰ কথাও প্ৰকাশ কৰিছে ইডিয়ে। ইডিৰ দাবী কংগ্ৰেছ নেতাৰ ভাতৃৰ জৰিয়তে ১৪.৪১ কোটি টকাৰ লেনদেন কৰিছে অভিযুক্ত আই এ এছ বিষয়াগৰাকীয়ে।

অনিল টুটেজা নামৰ এই বিষয়াগৰাকীক ছত্তিশগড়ৰ উদ্যোগ বিভাগৰ যুটীয়া সচিব হিচাপে নিযুক্তি দিয়া হৈছে। তেওঁকেই আবকাৰী বিভাগৰ এই কেলেংকাৰীৰ মধ্যস্থতাকাৰী হিচাপে তুলি ধৰা হৈছে।

আয়কৰ বিভাগে ইতিমধ্যে তেওঁৰ বিৰুদ্ধে ৰুজু কৰিছে এক গোচৰ। অৱশ্যে ইডিৰ এই গোটেই অভিযোগ নস্যাত কৰিছে ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে। তেওঁ কয়, সন্মুখত বিধানসভাৰ নিৰ্বাচন। তাৰ পূৰ্বে অসত্য আৰু ভিত্তিহীন অভিযোগ উত্থাপন হৈছে। ইডিৰ জৰিয়তে হাৰাশাস্তি কৰি কংগ্ৰেছক বিপদত পেলাব বিচাৰিছে বিজেপিয়ে।

উল্লেখ্যে, চলিত বছৰতে ছত্তিশগড়ত আছে ৰাজ্যিক বিধানসভাৰ নিৰ্বাচন। আনহাতে পৰৱৰ্তী বছৰত আছে লোকসভাৰ নিৰ্বাচন। এনে প্ৰেক্ষাপটত কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে উত্থাপিত হোৱা এই বিয়োগাম কেলেংকাৰীৰ অভিযোগে যে দলটোক বিপদত পেলাব সেয়া প্ৰায় নিশ্চিত।