বিদ্যালয়ৰ পৰা উভতি অহাৰ সময়তে কিশোৰীক ধৰ্ষণ পাষাণৰ...

বিদ্যালয়ৰ পৰা উভতি আহোতেই এগৰাকী ১৩ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰে কোনো পাষাণে।

author-image
Asomiya Pratidin
New Update
বিদ্যালয়ৰ পৰা উভতি অহাৰ সময়তে কিশোৰীক ধৰ্ষণ পাষাণৰ...

ডিজিটেল ডেস্কঃ বিদ্যালয়ৰ পৰা উভতি আহোতেই এগৰাকী ১৩ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰে কোনো পাষাণে। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ মঞ্জাপুৰ এলেকাৰ। শুকুৰবাৰে আৰক্ষীয়ে জনাই এই কথা।

Advertisment

এই ঘটনাটো বৃহস্পতিবাৰে সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। ঘটনাৰ বিৱৰণী অনুসৰি কিশোৰী গৰাকী বিদ্যালয়ৰ পৰা আহি থাকোতেই লোকজনে ঘৰত থৈ আহিব বুলি কোনো অজ্ঞাত স্থানলৈ নি ধৰ্ষণ কৰে।

ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে অভিযুক্তই। পৰৱৰ্তী সময়ত কিশোৰী গৰাকীয়ে কোনোমতে ঘৰলৈ আহে আৰু পৰিয়ালৰ লোকে চিকিৎসালয়লৈ লৈ যায়। পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ইতিমধ্য়ে তদন্ত আৰম্ভ কৰিছে। অভিযুক্তক বৰ্তমানলৈ আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী।

Also Read: কামাখ্য, আউনীআটিকে ধৰি গুৱাহাটীৰ ৭ ধৰ্মীয় স্থান সংযোগ কৰা হ'ব জলপথেৰে

uttar pradesh crime