ৰাষ্ট্ৰীয়

দলবদ্ধ ধৰ্ষণ, পৰিয়ালৰ ৭ জন লোকক হত্যাঃ বিলকিছ বানো কাণ্ডৰ ১১ জনৰ আত্মসমৰ্পন

Asomiya Pratidin

ডিজিটেল ডেস্কঃ গুজৰাটৰ বিলকিছ বানোৰ দলবদ্ধ ধৰ্ষণ কাণ্ডৰে জড়িত ১১ জন দোষীয়ে দেওবাৰে পঞ্চমহল জিলাৰ গোধৰা উপ-কাৰাগাৰত আত্মসমৰ্পণ কৰে। উচ্চতম ন্যায়ালয়ে বান্ধি দিয়া সময় অনুসৰি তেওঁলোকে ২১ জানুৱাৰীত আত্মসমৰ্পন কৰে।

উল্লেখ্য যে, বিলকিছ বানোৰ ঘটনাৰ লগত জড়িত দোষীসকলৰ শাস্তি গুজৰাট চৰকাৰে ৰেহাই দিছিল। কিন্তু এই সিদ্ধান্ত উচ্চতম ন্যায়ালয়ে খাৰিজ কৰি ১১ জন দোষীক আত্মসমৰ্পন কৰিবলৈ নিৰ্দেশ দিছিল। ইয়াৰে ৫ জন দোষীয়ে স্বাস্থ্য, পুত্ৰৰ বিয়া আদিৰ কাৰণ দেখুৱাই আত্মসমৰ্পনৰ বাবে অধিক সময় বিচাৰিছিল। কিন্তু এই আবেদনো খাৰিজ কৰি ন্য়ায়ালয়ে কৈছিল যে আবেদনত উল্লেখ কৰা কাৰণবোৰৰ কোন ভিত্তি নাই।

উল্লেখ্য যে, গুজৰাটত ২০০২ চনত সংঘটিত দাংগাত গন ধৰ্ষণৰ বলি হোৱা বিলকিছ বানো আৰু তেওঁৰ পৰিয়ালৰ ৭ জন লোকক হত্যা কৰা ১১ অভিযুক্তক গুজৰাট চৰকাৰে ক্ষমা প্ৰদান কৰিছিল। ২০২২ চনৰ ১৫ আগষ্টত ক্ষমা প্ৰদান কৰা পাছত আটাইকেইজনে জামিন লাভ কৰিছিল। চৰকাৰৰ এই সিদ্ধান্তক খাৰিজ কৰি ন্যায়ালয়ে কৈছিল যে চৰকাৰে ক্ষমতাৰ অপব্যৱহাৰ কৰিছে।

উল্লেখ্য যে, ঘটনাৰ সময়ত বিলকিছ ২১ বছৰীয়া আৰু ৫ মাহৰ গৰ্ভৱতী আছিল। গোধৰা ট্ৰেইনত অগ্নিকাণ্ডৰ পাছত ২০০২ চনত বিলকিছৰ লগত দলবদ্ধ ধৰ্ষণ হৈছিল। লগতে হত্যাৰ বলি হোৱা পৰিয়ালৰ ৭ জন সদস্যৰ ভিতৰত তেওঁৰ ৩ বছৰীয়া এগৰাকী কন্যাও আছিল।