ৰাষ্ট্ৰীয়

"অপাৰেছন কাবেৰী"ৰ সহায়ত দশমটো প্ৰৱাসী দল চুদানৰ পৰা দেশলৈ ঘূৰি আহিছে...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ চুদানৰ পৰা ভাৰতৰ নাগৰিকৰ দশম টো দল দেশলৈ সুকলমে ঘূৰি আহিছে ৷ চুদানাত আবদ্ধ হৈ থকা প্ৰবাসীসকলক উদ্ধাৰৰ বাবে ভাৰতে "অপাৰেছন কাবেৰী"ৰ এক মিছন হাতত লৈছিল ৷

এই মিছনৰ সহায়ত শেহতীয়াকৈ প্ৰবাসীসকলক নিজ দেশলৈ তৎকালে উভতাই অনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ এই লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰে মোডীয়ে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছিল ৷ প্ৰধানমন্ত্ৰীৰে হোৱা বৈঠকৰ পিছতেই ভাৰতীয়সকলক উদ্ধাৰৰ অভিযান অধিক তীব্ৰতৰ হয় ৷

বিগত কিছুদিন ধৰি চুদানত অস্থিৰ অৱস্থাই বিৰাজ কৰিছে ৷ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে শুকুৰবাৰে জনোৱা অনুসৰি আৱদ্ধ ভাৰতীয়সকলৰ অষ্টম, নৱম আৰু দশম দলটো চুদানৰ পৰা জেদ্দালৈ ৰাওনা হৈছে ৷

এমইএৰ মুখপাত্ৰ অৰিন্দমে কয় যে সংঘৰ্ষৰে জৰ্জৰিত দেশখনত আৱদ্ধ হৈ থকা ১৩৫ জন ভাৰতীয় নাগৰিকৰ সৈতে দশম দল আইএএফ চি ১৩০জে বিমানৰ সহায়ত ভাৰতৰ মাটিত ভৰি দিছে ৷ এইদৰে সুকলমে দেশলৈ ঘূৰি আহিবলৈ পায় প্ৰতিগৰাকী প্ৰবাসী তথা পৰিয়ালৰ লোকে প্ৰদানমন্ত্ৰী মোডীক ধন্যবাদ জ্ঞাপন কৰিছে ৷

উল্লেখযোগ্য যে ১৫ এপ্ৰলৰ পৰা চুদানত সেনা আৰু অৰ্ধ সামাৰিক বাহিনীৰ মাজত বৰ্তমানেও তীব্ৰ সংঘাত অব্যাহত আছে ৷ এই সংঘাটৰ ফলত ইতিমধ্যেই প্ৰায় ৫০০ত কৈও অধিক লোকে প্ৰাণ হেৰুৱাইছে ৷