নিৰ্বাচনৰ মাজতে উচ্চতম ন্যায়ালয়ৰ ৰায়ঃ সকলো ভোটকেন্দ্ৰৰ EVM আৰু VVPAT ৰ শ্লিপ মিলাই চোৱাৰ প্ৰয়োজন নাই...
নিৰ্বাচনৰ মাজতে উচ্চতম ন্যায়ালয়ৰ ৰায়ঃ সকলো ভোটকেন্দ্ৰৰ EVM আৰু VVPAT ৰ শ্লিপ মিলাই চোৱাৰ প্ৰয়োজন নাই... 
লোকসভা ২০২৪

নিৰ্বাচনৰ মাজতে উচ্চতম ন্যায়ালয়ৰ ৰায়ঃ সকলো ভোটকেন্দ্ৰৰ EVM আৰু VVPAT ৰ শ্লিপ মিলাই চোৱাৰ প্ৰয়োজন নাই...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ দেশৰ অষ্টাদশ লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ চলি থকাৰ মাজতেই উচ্চতম ন্যায়ালয়ে আজি ই ভি এম আৰু ভিভিপেট (VVPAT) সন্দৰ্ভত চলি থকা গোচৰৰ এক গুৰুত্বপূৰ্ণ ৰায়দান কৰে। ন্যায়ালয়ে ভোটগণনাৰ সময়ত ইভিএম আৰু ভিভিপেটৰ কাগজৰ শ্লিপ মিলাই চোৱাৰ বাবে দাখিল কৰা আবেদন খাৰিজ কৰিছে।

উল্লেখ্য যে, ভিভিপেটৰ কাগজৰ শ্লিপৰ সৈতে ইভিমৰ প্ৰতিটো ভোট ক্ৰছ ভেৰিফিকেচনৰ দাবীত উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা হৈছিল। এই গোচৰৰ শুনানি গ্ৰহণ কৰি শুকুৰবাৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ দীপাংকৰ দত্তৰ বেঞ্চে আবেদনখন খাৰিজ কৰিছে।

ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠে জনায়, ভোটৰ ফলাফল ঘোষণাৰ সাত দিনৰ পাছত নিৰ্দিষ্ট অংকৰ মাচুল আদায় দি ভিভিপেট শ্লিপ গণনাৰ আবেদন কৰিব পাৰে। ন্যায়ালয়ে শুকুৰবাৰে গোচৰটোৰ সন্দৰ্ভত দুটা স্পষ্ট নিৰ্দেশ দিছে। ন্যায়াধীশ খান্নাই নিৰ্বাচন আয়োগক নিৰ্দেশ দি কয়, ষ্ট্ৰং ৰুমত ৰখা ইভিএম প্ৰতীক লোড কৰাৰ পাছত ৪৫ দিনৰ বাবে এই ইউনিটসমূহ ছীল কৰি সংৰক্ষণ কৰিব লাগিব। ইয়াৰোপৰি দ্বিতীয় আৰু তৃতীয় স্থানত থকা প্ৰাৰ্থীৰ অনুৰোধত ফলাফল ঘোষণাৰ পাছত ইভিএম মাইক্ৰ'কণ্ট্ৰলাৰ পৰীক্ষা কৰাৰো অনুমতি দিছে ন্যায়ালয়ে।

উল্লেখ্য যে, দেশৰ ১০০ শতাংশ ভোটকেন্দ্ৰৰ ইভিএমৰ ফলাফলৰ সৈতে ভিভিপেট শ্লীপ মিলাই চোৱাৰ যি দাবী উত্থাপন হৈছিল সেই দাবীক বিৰোধিতা কৰিছিল নিৰ্বাচন আয়োগে। আয়োগে কৈছিল, সকলো ভোটকেন্দ্ৰৰ ইভিএমৰ সৈতে ভিভিপেট শ্লিপ মিলাই চাবলগীয়া হ'লে নিৰ্বাচন প্ৰক্ৰিয়া আকৌ বেলট পেপাৰৰ সময়লৈ পিছুৱাই যাব।যোৱা বুধবাৰে এই গোচৰৰ শুনানিত উচ্চতম ন্যায়ালয়ৰ দুজনীয় বিচাৰপীঠতো নিৰ্বাচন আয়োগৰ সুৰেই শুনিবলৈ পোৱা গৈছিল।

উচ্চতম ন্যায়ালয়ে কৈছিল, তেওঁলোকে নিৰ্বাচন নিয়ন্ত্ৰণ কৰিব নোৱাৰে। নিৰ্বাচন কমিচনৰ দৰে এটা সাংবিধানিক সংস্থাৰ কামত হস্তক্ষেপ কৰিব নোৱাৰে। ন্যায়ালয়ে সেই পৰ্যবেক্ষণৰ সৈতে সংগতি ৰাখিয়েই শুকুৰবাৰে এই সংক্ৰান্তিয় নিৰ্দেশ জাৰি কৰিছে।

উল্লেখ্য যে, ইভিএমত ভোটাৰে নিজৰ পছন্দৰ প্ৰাৰ্থীক ভোট দিয়া হ'ল নে নাই, ভিভিপেট শ্লিপৰ মাধ্যমত চাব পাৰে। কিন্তু নিৰ্বাচনী সংস্কাৰৰ বাবে কাম কৰা সংস্থা এছোচিয়েচন ফৰ ডেমক্ৰেটিক ৰিফৰ্মছৰ অভিযোগ আছিল প্ৰতিটো বিধানসভাৰ ২০০ টা ভিভিপেট মেচিন থাকিলেও ৫ টাৰ অধিকৰ গণনা কৰা নহয়।

এ ডি আৰৰ অধিবক্তাগৰাকীয়ে বিগত সপ্তাহত ন্যায়ালয়ত কৈছিল, ভিভিপেট শ্লিপ সংগ্ৰহ কৰি ভোটাৰসকলক বেলট বক্সত দিয়াৰ সুযোগ দিয়া উচিত। জালিয়াটিৰ সম্ভাৱনা থাকিলে প্ৰতিটো ভিভিপেট শ্লিপ গণনা কৰা উচিত।

সংস্থাৰ আন এক আইনজীৱি প্ৰশান্ত ভূষণে এই গোচৰৰ শুনানিত কৈছিল ইউৰোপৰ অধিকাংশ দেশেই ইভিএম সলনি কৰি বেলটৰ জৰিয়তে নিৰ্বাচন অনুষ্ঠিত কৰিছে। ফলত ভাৰতেওঁ পুনৰ বেলটৰ দিনলৈ ঘূৰি যাব পাৰে বা ভিভিপেট শ্লিপ দিব পাৰে। তেওঁলোকে এইসমূহ ভোটবাকচত ৰাখিব।

ইভিএমত ভোট দিয়াৰ পাছত সেই ভোট সঠিক ঠাইত পৰিছে নে নাই চাব পাৰি ভিভিপেটত। ভোট দিয়াৰ ৭ ছেকেণ্ডৰ ভিতৰত এখন কাগজত প্ৰাৰ্থীৰ নাম, প্ৰতীকসহ মেচিনৰ পৰা ওলাই আহে। সেই কাগজখন এটা নিৰ্দিষ্ট পাত্ৰত সংৰক্ষণ কৰা হয়।

এতিয়ালৈকে নিয়ম অনুসৰি প্ৰতিটো বিধানসভা সমষ্টিৰ পৰা যিকোনো পাঁচটা ভোটকেন্দ্ৰ বাচনি কৰি তাৰ ভিভিপেট শ্লিপ আৰু ইভিএমৰ ভোট মিলাই চোৱা হয় আৰু তাৰ পাছত সকলো ইভিএমৰ ভোটকে গণনা কৰা হয়। বিৰোধী ৰাজনৈতিক দল আৰু বিভিন্ন নাগৰিক তথা একাংশ সংস্থাৰ দাবী আছিল যে, কেৱল ৫ টা ভোটকেন্দ্ৰৰ পৰিৱৰ্তে ১০০ শতাংশ ভোটকেন্দ্ৰৰ ইভিএমৰ ভোট আৰু ভিভিপেটৰ শ্লিপ হিচাপ কৰিব লাগে।